পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৬৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ (চ) বোধমূলক পদ্ধতিলৈ আহিলে বাগছনৰ দৰ্শনকে পাশ্চাত্য দৰ্শনৰ নতুন যুগ অনা দেখা যায়। বাৰ্গছনৰ দৰ্শনবোধৰ দৰ্শন, পাশ্চাত্য পুৰণি দৰ্শনৰ নিচিন৷ বুদ্ধিৰ দৰ্শন নহয়। গতিকে বুদ্ধিৰে তাৰ কোনো সংস্থিতি কৰাও সম্ভবপৰ নহয়। প্ৰাচ্য দৰ্শনত ব্ৰহ্ম বাক্য মনৰ অগোচৰ বোলাৰ নিচিনা বাৰ্গছনেও তেওঁৰ “ইলেন ভাইটেলক” ( অনন্ত জীৱনক ) বুদ্ধি আৰু বাক্যৰ দ্বাৰ৷ প্ৰকাশ কৰিব নোৱাৰ! বুলি কৈছে। বুদ্ধিৰ শোষাশুধি যুক্তিৰ ফুচফুচনি সকলো একাকাৰ কৰি থৈ সকলো ৰকম দাৰ্শনিক সংস্থিতিক মনৰপৰা আঁতৰাই জীৱনক বোধেৰে চুব লাগিব। বাৰ্গছনে বোধ মানে সেই মানসিক সহানু- ভূতিক বুজাইছে যাৰ দ্বাৰা মানুহে কোনো বস্তুৰ ভিতৰত নিজত্বক হুমাই দি সেই বস্তুৰ প্ৰকাশ কৰিব নোৱাৰা, বিশিষ্টতাৰ লগত মিলি যাব পাৰে। বোধত জ্ঞাতা আৰু জ্ঞেৰ কিছু সময়ৰ নিমিত্তে এনেকৈ একে হৈ যায় যে জ্ঞাতাই জ্ঞেয়ৰ গতি আৰু ছন্দ নিজৰ যেন পায়, অথচ তাৰ ভিতৰত জ্ঞাতাই নিজৰ অস্তিত্ব নেহেৰুৱায়। বোধ মনৰ কোনে| বিশিষ্ট শক্তি ব| বৃত্তি নহয়। বাঁচি থকাত আমি জীৱনৰ যি চেতনা পাওঁ সেয়ে বোধ। কিন্তু জীৱনৰ সত্ত! সম্বন্ধে এই দৰে চেতনা পোৱা বোধৰ এবাৰব চেষ্টা বা অনুভূতি বা কামতে শেষ হৈ নাযায়, বোধ এনেকুৱা কামৰ অনিৰ্দিষ্ট অনুক্ৰম। 5 মানুহৰ চৈত্যক বাৰ্গছনে দুইভাগে বিভক্ত কৰিছে বোধ আৰু বুদ্ধি ও বোধেৰে সেই সত্তাক বা অনন্ত জীৱনক অনুভব কৰিব পাৰি যি অনন্ত জীৱন মুহূৰ্ত্তে মুহূৰ্ত্তে ক্ৰমাং বেচি সমৃদ্ধিশালী হব ধৰিছে আৰু প্ৰতি মুহূৰ্তে অংখ্য নতুন নতুন আকাৰ সৃষ্টি কৰিব ধৰিছে; যি অনন্ত জীৱনে আগুৱাই যাওঁতে যেন কিবা এটা বাধা দিয়া সোঁত পায়। এই সোঁতটে৷ আমাৰ দৃষ্টিত অসীম দেশত ঘনাবয়ব জড়ৰ বিশ্ব যেন লাগে। সোঁতৰ এই বাধা পাই অনন্ত জীৱনে ইয়াক জয় কৰিবলৈ বোধ আৰু বুদ্ধিৰ ধাৰ বোৱাই দিয়ে। বোধে অনন্ত জীৱনৰপৰা প্ৰেৰণ৷ পায়, বুদ্ধিয়ে সেই প্ৰেৰণাক ধাৰণাত বিভক্ত কৰি কাৰ্য্যকৰী উপায়ে জীৱনত লগায়। ভাৰতীয় সাংখ্যদৰ্শনৰ বহু পুৰুষৰ ঠাইত এটা পুৰুষ সেইটো নিষ্ক্ৰিয়ৰ ঠাইত সক্ৰিয়; আৰু প্ৰকৃতিক সেই প্ৰতীয়মান হোৱা জড়ৰ সোঁত বুলি ভাবিলে বাৰ্গছনৰ দৰ্শনক মোটামুটি ভাবে সাংখ্য- দৰ্শনৰ পৰিবৰ্ত্তিত সংস্কৰণ বুলি কৰ পাৰি। জীৱন বা চৈতন্যই কেনেকৈ বুদ্ধি বৃত্তিটো ওপজ়ায় তাক ভাবিলে ইয়াকে পোৱা যায় যে জীৱনে জড়ৰ সংঘৰ্ষত অহাত, জড়ৰ ওপৰত কাম কৰিবলৈ 88