পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৬১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দৰ্শনৰ আভাস গতিকে বিভিন্ন পদাৰ্থৰ মূলত কোনো পাৰ্থক্য নাই, যাবতীয় জড় পদাৰ্থ বিদ্যুতৰ ৰূপান্তৰ মাত্ৰ। জড় শক্তিত বা শক্তি জড়ত, ৰূপান্তৰিত হয়, শক্তিয়ে গোট খাই জড় হৈছে। স্মাৰ জে, জে, টমছনে এবাৰ পৰমাণু ভাঙিবলৈ চেষ্টা কৰোতে বিশেষ এটা অৱস্থাত বিদ্যুতক জড়ৰ ভাওজোৰা দেখিছিল, জড়ৰ- পৰা বিচ্ছিন্ন বিদ্যুত জড়ৰ গুণ প্ৰতিভাত হৈছিল। এই হ’ল প্ৰাকৃতিক বিজ্ঞানৰ আধুনিক গবেষণাৰ উল্লেখ। আনপক্ষে মনোবিজ্ঞানৰ ফালে লক্ষ্য কৰিলে দেখা যায় আজি কালিৰ ৰীক্ষিত তথ্যই মগজুৰ পৰা চিন্তা উদ্ভূত হোৱা বুলি নকয় আৰু মনকে৷ নগজুত সীমাবদ্ধ বুলি নধৰে৷ পুৰণি কথাবোৰ উৰি গৈছে। ইউৰোপ আৰু আমেৰিকাৰ চাইকিক যি ছাৰ্চ ছোছায়টি ফৰাচীদেশৰ নানাৰকম সন্মোহন বিদ্যাৰ প্ৰতিষ্ঠান আদিৰ বাহিৰেও কৈছৰলিঙ, হাৰ্ডেনবাৰ্গ আৰু হেপিকৰ Das Okkults নামে জাৰ্মান কিতাপত উল্লেখ কৰা ডাম” ষ্টাডত অনুষ্ঠিত বৈজ্ঞানিক পৰীক্ষাবোৰে দিব্যদৃষ্টি, চিন্তাৰ টেলিগ্ৰাফ, জীৱন্ত বস্তুৰ সূক্ষ্মঘেৰ দেখা, অকল মানসিক শক্তিৰে ৰোগ নিৰ্ণয় কৰা, ধ্যানস্থ হোৱা আদি প্ৰতিপন্ন কৰিছে। এনে কি ইয়াত কিছুমান পৰীক্ষা পূৰ্ব্বজন্মৰ অস্তিত্ব নিৰুপণ সম্বন্ধেও কৰা হৈছিল। দুই তিনি জন্মলৈকে বাৰে বাৰে পৰীক্ষা কৰি আগুৱাৰ পৰা গৈছিল। ডক্তৰ হেপিকে যদিও এই পৰীক্ষাবোৰক জন্মান্তৰৰ প্ৰমাণ হিচাবে ধৰা নাই তথাপি তেওঁ এই সিদ্ধান্ত কৰিছে যে এইবোৰে জন্মান্তৰবাদ বহুখিনি সমৰ্থন কৰে আৰু ভবিষ্যতৰ অন্যান্য পৰীক্ষাৰ ফলেৰে তথ্য সংগ্ৰহ কৰি বাকীখিনি প্ৰমাণিত হোৱাৰ কথা মাত্ৰ। কৈছৰলিঙে কৈছে যে পৰীক্ষাৰ ফলত বিজ্ঞানে বোধ হয় যোগবিষয়ক কথাৰ বেচিভাগ অপ্ৰমাণ কৰাৰ ঠাইত সম্প্ৰমাণহে কৰিব। ইফালে আকৌ ফ্ৰয়েড, জং আদিৰ মনস্তত্ত্ব বিশ্লেষণে মানুহৰ স্বপ্নজীৱনটে৷ বাস্তৱ বুলি সম্প্ৰমাণ কৰিছে। স্বপ্নজীৱন, জাগ্ৰত জীৱনৰ অনুপূৰ্বক। এই মতে আগুৱাই তেওঁবিলাকে ' স্নায়বিক বিকাৰগ্ৰস্ত ৰোগীক নিৰাময় কৰাৰ পদ্ধতি উলিয়াইছে। তদুপৰি ইউৰোপ আৰু আমেৰিকাৰ সাইকোমেটি বিদ্যাৰ অৰ্থাৎ যি বিদ্যাৰ দ্বাৰা ধ্যানস্থ হৈ বস্তুনিহিত সংস্কাৰৰ উদ্বোধন কৰি সেই বস্তুসংশ্লিষ্ট অতীত ঘটনা জানিব পাৰি সেই বিদ্যাৰ আলোচনাৰপৰা মন যে মগজুৰ ব্যাপাৰ নহয় আৰু তাত সীমাবদ্ধ নহয় সেইটে৷ সপ্ৰমাণিত হৈছে। প্ৰাকৃতিক বিজ্ঞানৰ আৰু মনোবিজ্ঞানৰ এইবোৰ কথাই দৰ্শনৰ ভেটি দৃঢ় ৩৭