পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পিতামহ ভীষ্ম

যি সমস্ত ভূত বিনষ্ট কৰি গোটেই জগতক একাৰ্ণৱ ময় কৰি অকলৈ বালগোপাল ৰূপেৰে শুই থাকে, সেই মায়াস্বৰূপক নমস্কাৰ। যি স্বয়ম্ভূৰ নাভিৰ পৰা সম্ভূত হৈছে যাত গোটেই জগৎ প্ৰতিষ্ঠিত হৈ আছে, সেই পদ্মস্বৰূপক নমস্কাৰ। যি সহস্ৰ মস্তক সম্পন্ন নিৰুপম পুৰুষে একেসময়তে সকলো কামন৷ অতিক্ৰম কৰিছে, সেই যোগনিদ্ৰা স্বৰূপক নমস্কাৰ। যাৰ চুলিত মেঘ, অঙ্গসন্ধিত নৈ, পেটৰ ভিতৰত চাৰিখন সাগৰ বিদ্যমান, সেই জল স্বৰূপক নমস্কাৰ। যাৰ পৰা সকলো পদাৰ্থৰ উৎপত্তি, আৰু যাতে সকলে৷ লীন যায়, সেই কাৰণ স্বৰূপক নমস্কাৰ। যি ৰাতিত শুই, দিনত বহি সকলো ইষ্টানিষ্ট বিষয় দেখিব লাগিছে, সেই দৰ্শক স্বৰূপক নমস্কাৰ। যি সকলো কাৰ্য্যতে অবিচলিত আৰু_ধৰ্ম্মকাৰ্য্যৰ নিমিত্তে উদ্যত হৈ থাকে, সেই কাৰ্য্য স্বৰূপক নমস্কাৰ। যি ক্ষত্ৰিয়ৰ অধৰ্ম্মাচৰণ দেখি ক্ৰোধ কৰি একৈশবাৰ পৃথিবী নিক্ষত্ৰিয় কৰিছিল, সেই ক্ৰূৰত৷ স্বৰূপক নমস্কাৰ। যি বায়ু ৰূপে শৰীৰৰ ভিতৰত পাঁচ ভাগত বিভক্ত হৈ প্ৰাণী বোৰক সচেষ্ট কৰি আছে, সেই পৱন স্বৰূপক নমস্কাৰ। যি যুগে যুগে অৱতীৰ্ণ হৈ মাহ ঋতু, অয়ন আৰু বৎসৰব্যাপী যোগত আসক্ত হয়, যি সৃষ্টি আৰু প্ৰলয়ৰ কৰ্ত্তা সেই কাল স্বৰূপক নমস্কাৰ। অগ্নি যাৰ মুখ, স্বৰ্গ যাৰ মস্তক, আকাশ যাৰ নাভি, ভূমণ্ডল যাৰ চৰণ, সূৰ্য্যমণ্ডল যাৰ চকু, আৰু দিষ্মণ্ডল যাৰ কাণ, সেই লোক স্বৰূপক নমস্কাৰ। যি কাল আৰু যজ্ঞতকৈ শ্ৰেষ্ঠ, যি শ্ৰেষ্ঠতকৈয়ো শ্ৰেষ্ঠ, যি এই বিশ্বসংসাৰৰ আদি কাৰণ আৰু যাৰ আদি কোনো নাই সেই বিশ্বৰূপক নমস্কাৰ। যি প্ৰাণীৰ বল আৰু জীৱন বৰ্দ্ধন কৰোতা সেই প্ৰাণস্বৰূপক নমস্কাৰ। যি প্ৰাণীবোৰৰ অন্তৰত প্ৰবেশ কৰি অন্নাদি পাক কৰিছে সেই পাৱকস্বৰূপক নমস্কাৰ। যি নৰসিংহ ৰূপ ধৰি হিৰণ্যকশিপুক সংহাৰ কৰিছিল, সেই জনক নমস্কাৰ। দেৱতা, দৈত্য, গন্ধৰ্ব্ব আক মহৰ্ষিসকলে যাৰ তত্ত্ব অৱগত হব নোৱাৰে সেই সূক্ষ্মস্বৰূপক নমস্কাৰ। যি ৰসাতলত অনন্তৰূপে জগৎ সংসাৰ ধাৰণ কৰি আছে, সেই বীৰ্য্যস্বৰূপক নমস্কাৰ। যি এই সংসাৰ ৰক্ষাৰ নিমিত্তে প্ৰাণীবোৰক স্নেহ- পাশেৰে বান্ধি মুগ্ধ কৰি থৈছে, সেই মোহম্বৰূপক নমস্কাৰ। যি আত্মজ্ঞানৰ যথাৰ্থ তত্ত্ব অৱগত হৈছে, আৰু যাৰ মহিমা মাথোন আত্মজ্ঞান প্ৰভাৱেৰেই জনা যাই সেই জ্ঞানস্বৰূপক নমস্কাৰ। যাৰ দেহ অপ্ৰমেয় আৰু যাৰ পৰিমাণৰ ইয়ত্তা নাই, সেই জ্ঞাননেত্ৰ সম্পন্ন দিবাস্বৰূপক নমস্কাৰ। যি লম্বোদৰ পুৰুষে জট৷ দণ্ড, আৰু কমণ্ডলু ধাৰণ কৰে, সেই ব্ৰহ্মস্বৰূপক নমস্কাৰ ৷ যি সৰ্ব্বভূতৰ আত্মা, সৰ্ব্বভূতৰ সৃষ্টি আৰু সংহাৰকৰ্ত্তা, ক্ৰোধ, দ্ৰোহ আৰু মোহ পৰিশূন্য সেই শান্তস্বৰূপক নমস্কাৰ। যাৰ সৰ্ব্বাঙ্গ ভস্মাচ্ছাদিত, যি সদায় ত্ৰিশূল ধাৰণ