পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিধতাৰ আশীৰ্ব্বাদ মাজত কিবা এটা উদাস ভাৰ যেন দি থৈ গৈছে, মনটে। উদং উদং লাগিছে। সাবিত্ৰীদেৱীয়ে বহুত খাটনি ধৰাতে৷ মনুদেৱে পেট ভৰাই খাব নোৱাৰিলে। খাই উঠিয়েই শয্যাত পাৰলগৈ, কিন্তু নিদ্ৰাদেৱী তেওঁৰ কাষ নাচাপিল। বাৰে বাৰে কামিনীদেৱীৰ ৰূপলৈ, তেওঁৰ শৰীৰৰ লয়লাসলৈ, তেওঁৰ সুমধুৰ কণ্ঠলৈ মনত পৰি থাকে। কলা-ঘুমটীয়া হলেই কামিনীদেৱীৰ গানৰ সুৰ কাণত পৰেহি, মনচকুৰ আগত কামিনীদেৱীৰ হাতৰ অঙ্গি-ভঙ্গি, ভৰিৰ তাল, শৰীৰৰ লয়লাস সকলো জিলিকি উঠে, টোপনি ভাগি যায়। টোপনি অহাত বহুত বাতি হোৱাতো, পূব আকাশত অঞ্চণৰ ৰাগ ধৰাৰ পূৰ্ব্বেই, মহুদেৱে সাৰ পালে। চেতনা আহিলতে আন দিনৰ দৰেই সৃষ্টি- কৰ্ত্তালৈ মনত পৰিল, কিন্তু আজিৰ প্ৰাৰ্থনা সুকীয়া ধৰণৰ। “হে প্ৰভু, আজি যেন মোৰ কামনা পূৰ্ণ হয়।” তাৰ পাছত উঠি সেই পৰৰ নিত্য-নৈমিত্তিক কৰ্ম্ম সমাধা কৰি—কৰ্নিত চেলেং এখন পেলাই ঘৰৰ পৰা ওলাই দেৱতা সকলৰ ধন-ভৰালি কুৱেৰৰ তালৈ বুলি থোজ ললে। কামিনীদেৱী কুৱেৰৰ একে জনী ছোৱালী। তেওঁত বাদে বাপেকৰ মাথোন এট। লৰ॥ কামিনীদেৱীৰ জন্ম নৌ হওঁতেই ককায়েকে ছোৱালী আনিলে। তেখেত হাতত ডাঙৰ টাঙোন একোডাল লৈ এজাক যক্ষই কুবেৰৰ হাউলি ৰখি আছে। যক্ষবোৰে মন্ত্ৰদেৱক ঘৰৰ ভিতৰত সোমাবলৈ নিদিলে। ঠিক যেনেকৈ আজিকালি চহকী মানুহৰ দুৱাৰ ৰখীয়াই দুখীয়া চহাক বঙলাৰ ভিতৰলৈ ঠুকিবলৈ নিদিয়ে। যক্ষৰাজ কুৱেৰ বোলে এতিয়াও শুই উঠা নাই। উঠিলেহে মনুদেৱে ভিতৰ সোমাবলৈ পাব। বহুত দিন গুৰু ঘৰত থকা বাবে যক্ষবোৰে তেওঁক চিনি নাপালে। খাপদি থাকিবলৈ বুলনীঘৰ বাথপুৱা কোঠা এটাও নাই। বাজত থিয় হৈ থাকি ববলৈকে৷ তেওঁৰ লাজ লাগিছে। ঘৰৰ গৃহিণীদেৱী উঠিল নে নাই সোধাত জানিলে যে তেখেত কেতিয়াবাই উঠিল। ঘৰৰ কাম-কাজ অত পৰে সাং কৰি গোসাঁই সেৱা কৰি থাবৰ দিহা কৰাত লাগিব পায়। দুৱাৰ মুখৰপৰা মনুদেৱে চিঞৰিলে,—“অ’ পেহী, অ' পেহী, ওলাই আহকচোন, এই যক্ষবোৰে মোক ভিতৰলৈ সোমাবলৈ নিদিয়ে।” গৃহিণী- দেৱীয়ে দুৱাৰ মুখলৈ ওলাই আহি বৰ ধুনীয়া ডেকা এজন দেখিলে। তেওঁক চিনিব নোৱাৰি কলে, – “কোন, মই দেখোন চিনিব পৰা নাই। ডেকাজনে কলে,—“মই মহু।’ গৃহিণীদেৱীয়ে কলে,—“অ' মনু! আহ বোপাই, এই-