পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২ প্ৰৱন্ধ-সংগ্ৰহ পিতামহৰ ঘৰ গহপুৰ মৌজাত আছিল। দক্ষিণপাট সত্ত স্থাপন কৰা শ্ৰীশ্ৰীবনগালীদেৱে কলাবাৰীত জন্ম গ্ৰহণ কৰিছিল। তাত অসম ৰজাই কৰোৱা দৌল আক পুখুৰী আছে। এই মহকুমাৰ ভিতৰত ভালেমান সত্ৰ আছে আৰু ইয়াৰ প্ৰায়বিলাক নৈত আগেয়ে মানুহে সোণ কমাইছিল। “কালিকা পুৰাণত” এই নৈ বিলাকৰ মাহাত্ম্য লিখা আছে। দিকৰাই নৈৰ আগালিত লোণপুং থকা জনা যায়। ভোট, অঁকা আৰু দফলা থকা পৰ্ব্বত বিলাকত কৃষ্ণসাৰ পহু, অগুৰু চন্দন আৰু নানাবিধ মূল্যবান গছ আছে। আহোম বাজ বংশৰ প্ৰদীপ মহাৰাজ ৰূদ্ৰসিংহ স্বৰ্গদেৱে বিশ্বনাথত বাহৰ কৰি কিছুদিন বাস কৰিছিল আৰু তেওঁ তাত এক দৰবাৰ পাতিছিল। ইংৰাজ গভৰ্ণমেন্টে এই দেশ অধিকাৰ কৰি এই অঞ্চলৰ সদৰ ঠাই প্ৰথমতে বিশ্বনাথত পাতিছিল। কেইবছৰ মানৰ পাচত হে তেজপুৰ সদৰ ঠাই হয়। তেজপুৰৰ অতি সংক্ষিপ্ত পুৰাবৃত্ত।