পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১২৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰৱন্ধ-সংগ্ৰহ এই জিল'ৰ উত্তৰ ফাদ্ৰ পৰ্ব্বতত থকা অঁকাবিলাকে নিৰ্জক বাণৰজাৰ নাতি ভালুকৰ বংশধৰ বুলি কয় আৰু “কা” জাতিৰ মানুহ বুলি চিনাকি দিয়ে। “কৃষষ্ণ” শব্দটো “ঋঙ্ক” শব্দৰ অপভ্ৰংশ হব পায়। ঋক্ষ বুলিলে ভালুক বুজায়। কিন্তু আগৰ দিনত ঋক্ষ নামে এজাতি মানুহো আছিল। শ্ৰীকৃষ্ণৰ ভাৰ্য্যা জাম্বৱৰ্তী ঋক্ষকন্যা আছিল। যি ঠাইত ভালুকপেঙ দুৰ্গ আছে সেই পিনে অঁক। পৰ্ব্বতলৈ যোৱা বাট আছে। তাক ভালুক দুৱাৰ বুলিও কয়। সম্ভৱতঃ বাণৰজাৰ নাতি ভালুকে কোনো কাৰণত এই ফালৰ ৰাজ্য হেৰুৱাই অক। পৰ্ব্বতত আশ্ৰয় লৈছিল। 8 “কালিকাপুৰাণৰ” ৩৯ আধ্যাত লিখা আছে যে প্ৰাগ জ্যোতিষৰ ৰজা নৰকৰ লগত শোণিতপুৰৰ বাণৰজাৰ অত্যন্ত মিত্ৰতা হোৱাত পৰস্পৰে পৰস্পৰৰ ঘৰলৈ অহা যোৱা কৰিবলৈ ধৰে। নৰকে অনেক বেদ-বিৰুদ্ধ কাৰ্য্য কৰি দেৱ ব্ৰাহ্মণাদিক অত্যাচাৰ কৰি ৰাজ্যৰ পৰা খেদি দিয়ে; দেৱতাসকলক জিনি দেৱমাতা অদিতিৰ কুণ্ডল হৰণ কৰে; ৰূপে গুণে ধন্যা ধোলহাজাৰ দেৱকন্যাকে৷ ধৰি আনি আটক কৰি ৰাথে। পাছে, শ্ৰীকৃষ্ণই নৰকক বধ কৰি তেওঁৰ পুতেক ভগদত্তক ৰজ৷ পাতে। গিৰিৰাজ হিমালয়ৰ পৰা ওলোৱা কোকা নামে নদীৰ মুখত দিব্য বৰাহৰূপী বিষ্ণুৰে এক শ্ৰাদ্ধ যজ্ঞ কৰিছিল; তেওঁৰ ভাৰ্য্য৷ মহীমৰী ছায়াই সেই যজ্ঞব পিণ্ড ভোজন কৰি গৰ্ভাৱতী হয় আৰু কিছুদিনৰ পিছত সেই যজ্ঞ ভূমিতে এটি পুত্ৰ সন্তান প্ৰসৱ কৰে। “ততোঽ্যাঃ প্ৰাভৱং পুত্ৰোভৌমস্তনৰকাসুৰঃ। প্ৰাগ্ জ্যোতিষঞ্চ নমস্য দত্তঞ্চ বিষ্ণুনা॥* সেই পুত্ৰই ভৌন নৰকাস্থৰ। ব্ৰহ্মপুৰাণ ২১৯ আধ্যা। বিষ্ণুৱে তেওঁক প্ৰাগ্জ্যোতিষপুৰ দান কৰে। ভূমিৰ গৰ্ভত বা যজ্ঞভূমিত জন্ম হোৱা বাবে নৰকাসুৰৰ আৰু তেওঁৰ বংশৰ ৰজা সকলক ভৌমনৃপতি বোলা হয়। কোকা নদী কৌশিকী বা কুশী নৈত পৰিছে “বৰাহ পুৰাণৰ” ( ১৪০ আধ্যা ) মতে কোকা নৈৰ মুখত ভগবান বিষ্ণুৱে বৰাহ অৱতাৰত ভূমি উদ্ধাৰ কৰি তাত যজ্ঞ কৰিছিল। সেই বাবে ঠাই খনৰ নাম বৰাহ ক্ষেত্ৰ হয়। সাগৰৰ গৰ্ভৰ পৰা নকৈ ওলোৱ৷ ঠাই গুণে সেই ভূখণ্ডক কৌশিকী কচ্ছ বুলিও কয়।