পৃষ্ঠা:প্ৰৱন্ধ-সংগ্ৰহ.pdf/১০৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুলপানী ছিগ৷ ৰণৰ প্ৰাসঙ্গিক কথা আলি ছিঙি বৈ যোৱা, খৰখৰি জানৰ দাঁতি কাষৰলৈকে এই ছোৱা ঠাইকে মোটামুটিকৈ আগৰ শূলপানিছিগা আৰু বৰ্ত্তমানৰ ফুলপানী ছিগ৷ বোলে। এইদৰে দেখা গল, আমাৰ বৰ্ত্তমান বৰ্ণন'ৰ যুদ্ধৰ থলৰ নাম তেহেলৈ যি হক লাগে,— পূৱে ইয়াৰ সীমা খৰখৰি আঞ্চি পশ্চিমে ৰঙাজান প্ৰায় ডেৰমাইলৰ ভিতৰত। ফুলশনী ছিগা নামৰ কথা কবলৈ গলে অসমৰ এটা বৃহৎ উন্নত বংশৰ কথা কব লাগিব। আমি জনাত কোঁচ ৰজা বিশ্বসিংহৰ দিনত প্ৰায় ১৫০০ খৃষ্টাব্দত কনৌজৰ পৰা, এই বংশৰ গুৰি অনিৰুদ্ধ অসমলৈ আহে। এই বংশৰ লোকগলক, আজি কালি বসেদ্ৰ বৰুৱাৰ ঘৰৰ বুলি সৰ্ব্ব সাধাৰণে জানে। অৱশ্যে এই বংশত বেলেগ বেলেগ খিতাপধাৰী লোক অনেক আছিল সেই অনুসৰি পৃথক নামেৰে পৃথক ডাল বিলাকক জনা যায়। কেঁাঁচ আৰু আহোমৰ ভিতৰৰ যুদ্ধ বিগ্ৰহ শেষ হৈ মিত্ৰতা স্থাপন হলত অনিৰুদ্ধৰ অন্যতম বংশধৰ শূলপাণি বৰুৱাই বৰ্ত্তমান শিৱসাগৰ জিলাৰ জাঁজী অঞ্চলৰ বৰ্তমানৰ ফুলপানী ছিগাত বসতি কৰেহি। অনিৰুদ্ধৰ পৰা চলি অহা সপ্তম পুৰুষত এই শূল- পানী বৰুৱাৰ জন্ম। অনিৰুদ্ধৰ বংশৰ লোকে গুৱাহাটীৰ পৰা ৰংপুৰলৈকে অনেক ঠাইত বসতি কৰি থাকি, দেশকাল পাত্ৰ অনুসৰি পূৰ্ব্বপুৰুষৰ গৌৰৱ ৰক্ষা কৰি আছে। শূলপাণি বৰুৱাৰ নামেই শূলপাণি ছিগা। শূলপাণি ছিগাই মানুহৰ মুখত পৰি বৰ্তমানৰ ফুলগানী ছিগা হৈছে। বৰ্ত্তমান ফূলপানী ছিগাত শূলপাণি বৰুৱাৰ পুখুৰী এটি আছেই তাৰ ওচৰতে তেখেতৰ বংশধৰ এজনেও ঘৰবাৰী কৰি আছে। আি যি যুদ্ধৰ থলিৰ কথা কবলৈ গৈ আগতে ইমান খিনি বৰ্ণন৷ কৰিব লগীয়া হল সেইযুদ্ধ ক্ষেত্ৰ বৰ্ত্তমান যে'সহাট নগৰৰ পৰা দহু ক্ৰোশ উজাই অংক ৰংপুৰ নগবৰ পৰা প্ৰায় সাত ক্ৰোশ ভটীয়াই। বৰ্তমান যিবিলাক অনুষ্ঠানৰ দ্বাৰা জাগীৰ নাম দহে জনা হৈছে সেই অনুষ্ঠানৰ প্ৰায় সকলোলিক এই জামুগুৰি চাপৰিৰ ওপৰতে বা ইয়াৰ নিচেই দীতিতে। সদৌ অসমীয়া ৰাইজৰ সহায় আৰু সহানুভুতিত ঠিক যুদ্ধক্ষেত্ৰতেই প্ৰতি বছৰে মহাবীৰ লাচিত বৰফুকনৰ সোঁৱৰণী মেলা হৈ আছে। স্থানৰ মহিমাতে এই মেলা উপলক্ষে আৰু আন কাবণতো জামুগুৰি চাপৰিত সহস্ৰ সহস্ৰ নৰ- নাৰীৰ সমাগম হয়। অসমৰ অতি কম গাৱঁলীয়া ঠাইতহে প্ৰতি বছৰে ইমান নৰনাৰী সমাগম হয়। বীৰৰ তেজেৰে ৰঞ্জিত হৈ যোৱ৷ পৱিত্ৰ ক্ষেত্ৰৰ পৱিত্ৰতা এইদৰেই বৃদ্ধি হৈছে আৰু পূৰ্ব্বপুৰুষসকলৰ এটি কথা সোঁৱৰোতে আন কথা বিলাক সুৱৰিবলৈ সুবিধা হৈছে।