পৃষ্ঠা:প্ৰাণৰ গান.pdf/২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰাণৰ গান ৷ শুনিছানে প্রিয়া তুমি দূৰণিৰ পৰা মোৰ এই ব্যথ-ভবা হৃদয়ৰ গান অতীত মোহন সুৰ পৰিব কাণত এখন্তেক বতাহত পাতা যদি কাপ। যদিওবা চূৰ হ'ল হিয়াখনি মোৰ দিনে ৰাতি অতদিন ভাবি শুধু কথ। ; হাঁহিভব৷ আনন্দত আছা প্রিয় তুমি লাগিব আমালৈ কিয় অকণিকে ব্যথা । সুখৰ পিয়লা তুমি পান কৰা প্ৰিয় নকৰো অকণো মই বেজাৰ আমনি ; বনৰে জীয়ৰী মই বনৰ লগৰী বনৰে কোলাতে থাকি লভিম জুৰণি ! আছেনে মনত প্রিয় মাধৱী পূর্ণিমা একেলগে বহি দুয়ো মাধৱী কুঞ্জত ;