কায়স্থ সমাজ ইতিবৃত্ত। পায়। তেওঁ তাত থকা কামত দক্ষিণপাৰৰ মহাপুৰুষীয়া সত্ৰ বৰ হেৰামলৈ, সৰু হেৰামদৈ আৰু উৰপু প্ৰভৃতি সত্ৰত বৰপেটাৰ শেহৰাম ৰাজ মেধিৰ সৈতে নাট-ভাওনা কৰি শিক্ষা দিছিল। সেই সময় প্ৰচলিত ব্ৰজাৱলী ভাষাত নিজে নাটক ৰচনা কৰিও শিক্ষা দিছিল আৰু অভিনয় কৰিছিল। এওঁ খাৰশিঠা গাৱৰ পৃথুৰাম তালুকদাৰৰ জ্যেষ্ঠা কন্যা নৰেখৰী দেৱীক বিয়া কৰায়। এওঁৰ গৰ্ভত দুই পুত্ৰ ও দুই কন্যাৰ জন্ম হয়। তাৰ ভিতৰত শ্ৰৰণীধৰ চৌধুৰী বৰ্তমানেও আছে। অনুন ৭০ বছৰ বয়সত ১৯১০ খৃঃ অব্দৰ জুন মাহত শুক্লা চতুৰ্দশী তিথিত ৰামনাম উচ্চাৰণ কৰি স্বজ্ঞানে চামঅ গাৱত তনু ত্যাগ কৰে। এওঁ ১৮৯৭ খৃঃ অব্দৰ ভূমিকম্পত ঘিলাঝাৰী গাওঁ পানীত ডুবি যোৱাত চাম গাৱলৈ আহিছিল। এওঁৰ ভাৰ্য্যা নৰেশ্বৰী দেৱীৰ ১৯৩৯ চনৰ ফাগুন মাহৰ শুক্লা দ্বিতীয়া তিথিত মৃত্যু হয়। ধৰণীধৰৰ পুত্ৰ শ্ৰণীধৰ চৌধুৰী ১৭৯৬ শকৰ পুহ মাহৰ ১০ তাৰিখ বৃহস্পতিবাৰে কৃষ্ণা দ্বিতীয়া তিথিত বেলা ৮ দও সময়ত জন্ম গ্ৰহণ কৰে। সেইদিনা (খৃঃ মাঃ ডে) আছিল। ১০ বছৰ বয়সলৈ ঘৰতে থাকি তেওঁৰ খুৰাক আনন্দি ৰাম চৌধুৰী আৰু গোপীনাথ গোস্বামী দেৱৰ পাঠশালাত শিক্ষা আৰম্ভ কৰে। তাৰ পাচত দক্ষিণপাৰে গৈ বৰ হেৰামদৈ গাৱৰ পাঠশালাত একবছৰ পঢ়ি বৃত্তি লাভ কৰি উচ্চ প্ৰাইমাৰী পাছ কৰে। তাৰ পাচত সৰ্থেবাৰী ছাত্ৰবৃত্তি স্কুলত পাছ কৰিয়ে শিক্ষা শেষ কৰি গৌহাটীৰ সণাৰাম ৰাজমেধি উকীল ও উমাকান্ত শৰ্মা প্লিডাৰ মহাশয়ৰ ওচৰত মোকাৰী শিক্ষা কৰে। আৰু সেই সময়ত ত্ৰৈলক্যনাথ মুখাৰ্জী খাজাঞ্চীৰ তলত দুই বছৰ পোদাৰী কাম কৰে। তাৰ পাচত ৰায় বাহাদুৰ ৰজনীকান্ত চৌধুৰীৰ সৈতে পান বাজাৰত এখন দোকান কৰে। তাত বিশেষ লাভ কৰিব নোৱাৰি ১৮৯৭ খৃঃ অন্ধত বকোত তহশীল মহৰী কামত নিযুক্ত হয়। বকোত কিছুদিন কাম কৰাৰ পাচত ৰঙ্গিয়ালৈ আহি হেড়মহীৰ পৰা ১৯০৫ চনত ধৰ্মপুৰ মৌজাত মৌজাদাৰী পদ লাভ কৰে। আৰু সুখ্যাতিৰ সৈতে ৩৫ বছৰ মৌজাদাৰী কাম কৰি ১৯৪০ চনত প্ৰায় ৬৫ বছৰ বয়সত মধ্যম পুত্ৰ খ্ৰীযুত জগৎধৰ চৌধুৰীক মৌজা এৰি দি অৱসৰ লয়। গত ১৯০৪ খৃঃ অব্দত মুৰাৰা সত্ৰৰ স্বৰ্গীয় যাদবানন্দ ভট্টাচাৰ্যৰ ওচৰত মন্ত্ৰ গ্ৰহণ কৰি হিন্দুৰ দৌল দুৰ্গোৎসৱ ও অন্যান্য ধৰ্ম কাৰ্যত ব্ৰতী হৈ উপাৰ্জনৰ সৰহ ভাগ ধৰ্ম চৰ্চাতে ব্যয় কৰি আহিছে। এখেতে হিন্দু ধৰ্মৰ নানা শাস্ত্ৰ আয়ত্ত কৰে। কামৰূপৰ শাস্ত্ৰজ্ঞ পণ্ডিতসকলে এখেতৰ লগত শাস্ত্ৰ আলাপ কৰি পৰম সন্তোষ পায় আৰু সকলোৱে এখেতক ব্ৰাহ্মণ পণ্ডিতৰদৰে সন্মান কৰে। এখেতৰ পিতাকে কবিৰাজীও কৰিছিল। পিতা মৰাৰ পাচত নিজেও কিছু কবিৰাজী শিক্ষা কৰে। মৌজাৰ কামত আৱদ্ধ থকাৰ বাবে কবিৰাজী এৰি হোমিওপ্যাঠিক শিক্ষা আৰম্ভ কৰে আৰু সেই সময়ৰপৰা কৰ্তমানলৈকে জন- সাধাৰণৰ হিতাৰ্থে বিনামূল্যে ঔষধ দি বেমাৰৰ প্ৰতিকাৰ কৰে। ভিলেজ অথৰেটি হবৰেপৰা এখেতে চামতা ভিলেজ অথৰেটিৰ চেয়াম্যান হৈ দেওৱানী-ফৌজদাৰী মোকৰ্দমাৰ বিচাৰ কৰিছিল; আৰু গাৱৰ আলি-বাট এবং স্বাস্থ্য সম্বন্ধে নিজে গাওঁ ফুৰি নিজৰ পইচা খৰচ কৰিও গাৱৰ উন্নতি সাধন কৰিছিল। এখেতে দুখী-ৰিক বৰ মৰম কৰে। এখেতে মজা ঘৰীয়া কামতে সুনাম অৰ্জন কৰিছিল। মহাসমৰৰ সময়ত যুদ্ধ-ঋণ সংগ্ৰহ কৰি আৰু সমাটৰ অভিষেকৰ সময়ত উৎসৱাদি কৰা বাবে ওপৰৰপৰা সময়ে সময়ে কেইখনো প্ৰশংসা পত্ৰ লাভ কৰিছিল।
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৬৭৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই