কায়স্থ সমাজৰ ইতিবৃত্ত।
“বিংশতি বৎসৰ যেবে তান হয়া আছে। শঙ্কৰত গোচৰ কৰিলা লোকে পাছে। শুনা ডেকাগিৰি তুমি আমাৰ বচন। ইহাত ৰহিবে আমাৰ নাহি মন। ১৫০৪ টেমুৱনীক লাগি যাওঁ কৰিয়া যতন। শুনি শঙ্কৰৰ ভৈলা আনন্দিত মন। আমাৰৰ হইছে মন তৈকে যাইবে অতি। জানি তেৰা সবে যত্ন কৰিয়ে সম্প্ৰতি। এহি শুনি ভূঞগণ সবে জান দিল॥ সবেহস্তে পাছে টেম্বনীক লৰিলা। ৰামচৰণ—গুৰু চৰিত। ঢাখাই পূৰ্বৰ ভেটিবোৰ চিনাই দিলত শ্ৰীমন্ত শঙ্কৰে সেই সেই ভেটিত পূব ভূঞাৰ নাতি-পুতি- বলাকক বহিবলৈ আদেশ দিলে। তেওঁ নিজে পিতামহৰ ভেটিত ঘৰ-দুৱাৰ সাজিলে। মন্ত শঙ্কৰে ৰাজ্যচৰ্চাৰ লগত ধৰ্মচৰ্চাও কৰিব ধৰিলে; পিতৃৰ সৰিযহতলীত নামঘৰ এটি নিৰ্মাণ কৰি কীৰ্তন আৰম্ভ কৰিলে। বহুত তেওঁৰ শিষ্য হবলৈ ওলাল। পণ্ডিত-সাধু-সন্ন্যাসীয়ে তেওঁক শন্ত, মহন্ত, আত। আদি উপাধি বৰষিব ধৰিলে। শ্ৰীমন্ত শঙ্কৰদেৱে তত নাপাই একে ৰাতিৰ ভিতৰতে “গোপী-উদ্ভৱ সংবাদ" ৰচনা কৰি পাচ দিন। কিছুনানক ভগৱন্তত শৰণ লগালে।—তেওঁৰ নাম “জগন্নাথ হল (১৪৮৫ খৃঃ অঃ)। এই সময়ত টেনবন্ধৰ ওচৰৰ টোৰাণী জানে বছৰে বছৰে প্ৰজাৰ শস্য হানি কৰিছিল। তাকে .দখি প্ৰজা সাধাৰণে শিৰোমণি ভূঞাৰ ওচৰত ব্যৱস্থা সোত তেওঁ জানটো বানিবলৈ পৰামৰ্শ দিয়ে। নিৰ্দিষ্ট দিনত সকলো মানুহ জান বান্ধিবলৈ কোৰ-পাচি লৈ উপস্থিত হয়। আৰু সকলোৱে বহুত যত্ন কৰি জানটো বান্ধিবলৈ ধৰে। মানুহবিলাকে কেইবা দিননা পৰিশ্ৰম কৰিলে কিন্তু জানটোৰ পানীৰ স্ৰোত বৰ বেচি গুণে বান্ধ ৰাখিব নোৱাৰিলে। শেষত প্ৰভুয়ে কলে—তোমাললাকে এজনী “শান্তী” তিৰোতা বিচাৰি আনা; তেওঁৰ ৩ৱাই ব্ৰহ্মপুত্ৰৰপৰা এপলো পানী অনি দিলেই জানৰ সোত বন্ধ হব, আৰু তোমালোকে অনায়াসে নিটে। বান্ধিব পাৰিবা। মানুহবিলাকে ৰাজ্যত শান্তী বিচাৰি ফুৰিলে—ক’তো কাৰো ঘৰৰ তিৰোতাই নিজে “শান্তী” বুলি লোৰে পানী আনিবলৈ সাহ নকৰিলে। শেষত “ৰাধিকা” নামৰ কৈৱৰ্ত জাতীয় তিৰোতা এজনীৰদ্বাৰা ভূয়ে এই কাম কৰোৱাই ৰাজ্যক আচৰিত কৰিলে। তেতিয়াৰপৰা টেম্পৰাণী জানে ‘শান্তীজান” •ম পালে। ইয়াৰ পাচত প্ৰভু শ্ৰীমন্ত শঙ্কৰে লোকক উপদেশ দিবলৈ ধৰিলে— (ক) “সমস্ত প্ৰাণীত দেখিবেক নাৰায়ণ। (খ) “শত্ৰু-মিত্ৰ সব কৰিয়ো সম। আত পৰে অন ধৰ্ম সবে বিড়ম্বণ।” এহিসে কৃষ্ণৰ ভক্তি পৰম।” মন্ত শঙ্কৰদেৱৰ সাম্যবাদ।