কায়স্থ সমাজৰ ইতিবৃত্ত 6 > [ কচাৰিৰ লগত ৰণ হওঁতে শিৰোমণি ভূঞাৰ আদেশত তলৰ ভূঞাসকলে সৈন্য গোটাইছিল।] বৌটাত কিছুদিন থাকাৰ পাচত চণ্ডীবৰে ৰাজ্যৰ মাজ ঠাইত থাকিবলৈ মন কৰি পুনৰ দক্ষিণলৈ হহকি টেঘুৱনী-বন্ধ পায় আৰু তাত হাটি বাটি পাতি বাস কৰিবলৈ ধৰে। এই ঠাই ৰোঁটাতকৈ বৰ দ আছিল, সেই কাৰণে সকলোৱে * “বৰদোৱা” বুলিবলৈ ধৰা যেন অনুমান হয়। টেঘুৱনীবন্ধ এটা চাপৰি, ই আগৰ ফটাশিমলুতলৰ বাৰ মাইলমান দক্ষিণ-পূবে। চণ্ডীবৰে উত্তৰপাৰৰ গোপেশ্বৰ শিৱক পূজা কৰিছিল। পৰৱৰ্তীকালৰ শিৰোমণি ভূঞাসকলেও এই শিৱৰ পূজা চলাই আছিল। ভূবন্ধা চাপৰি আৰু টেৱনীবন্ধৰ মাজৰ সুতী কমে ঠায়ে ঠায়ে আবাদ যোগ্য হয; পূবে আৰু পশ্চিমে কেইখনমান মাত্ৰ বিল হৈ থাকে। চণ্ডীৰৰ আগৰ ৰাজধানী ফটাশিমলুতল বৰদোৱাৰপৰা ওচৰ হোৱাৰদৰে হল। এই সমযত খাঁ উপাধিৰ কেইজনমান কাস্থ আহি চণ্ডীবৰৰ লগত বাস কৰেহি। এওঁলোকৰ নামৰ পাচত খাঁ উপাধি দেখি অনুমান হয—চণ্ডীবন উজাই আহাৰ সময়ত এওঁলোকে গৌড- বিজেতা মুছলমান ৰাজাৰ অধীনত প্ৰাদেশিক শাসনকৰ্তা হৈছিল; পাচত কিবা কাৰণত তাক ত্যাগ কবি চণ্ডীবৰৰ লগ ধৰে। ৰামখ, বুঢ়াখা, হৃদিগ, হৰিখ আদি এই খাঁ উপাধিৰ কায়স্থ সন্ততি। এগুলোকৰ লগত শিৰোমণি ভাৰ বৈবাহিক সম্বন্ধ ঘটাৰপৰা বিশ্বাস হয—এওঁলোক বাৰভূঞাদলৰেই লোক আছিল। চণ্ডীবৰ স্বৰ্গী হোৱাত ৰাজধৰে ৬২ বছৰ বযসত পানীৰ উৎপতিৰ নিমিত্তে টেন্ডুৱনী ত্যাগ কৰি পিতৃৰ পুৰণি ৰাজধানী ফটাশিমলুতলত নগৰ পাতে। তেওঁৰ কিছুমান জ্ঞাতি টেৱনীত থাকে। এই সমযত ফটাশিমলুতল নাম গুচে, তাত আগৰ আলি-পুখুৰী দেখি আৰু শিৰোমণি ভূঞা নতুনকৈ কিছুমান আলি-পুখুৰী হোৱাত সৰ্বসাধাৰণে আলিপুখুৰী বুলিবলৈ ধৰে। ৰাজধৰৰ পুত্ৰ সৰ্যবৰ, তৎপুত্ৰ কুসুম্বৰ আলি-পুখুৰীতেই শিৰোমণি সৰ্যবৰ, কুম্বৰ। ভঞাৰ গদিত বহে। আলি-পুখুৰীলৈ যোৱা সম্বন্ধে ৰামচৰণ ঠাকুৰে লিখিছে :- “দুইধিক নাজধৰ বৎসৰ যে সঠি। দেখি জল সবে শস্য সবে কৰে নাটি। ২২৮ আলি-পুখুৰী নামে গ্ৰাম এক আছে। সব লোকে তহিকে গৈলন্ত উঠি পাছে।” ৰামচৰণ ঠাকুৰ-গুৰু চৰিত। ইয়াৰপৰা গোপেশ্বৰ শিৱ ওচৰ, ব্ৰহ্মপুত্ৰৰ সোতা পাৰ হলেই পোৱা যাষ। শিৰোমণি ভূঞাসকলে এই শিৱৰ পূজা কৰিছিল। কুসুম্বৰ শিৰোমণিভূঞাৰ এজনী কপিলী গাই আছিল; এই গাইজনীযে নিতে ৰাতি ব্ৰহ্মপুত্ৰ পাৰ হৈ গৈ গোপেশ্বৰ শিৱত ওহাৰ পাতি গাখীৰ দি আছিল বুলি চৰিতত পোৱা যায়। শ্ৰীমন্ত শঙ্কৰ-সূৰ্য্য আলি-পুখুৰীতে আবিৰ্ভাৱ হৈছিল। তেওঁৰ তেৰ মাহ বয়সত কচাৰি ৰাজাই শিৰ- মণিভূঞাৰ প্ৰভাৱ সহিব নোৱাৰি তেওঁৰ ৰাজ্য আক্ৰমণ কৰে (১৪৫০ খৃঃ অঃ)। এই আক্ৰমণ হঠাৎ হৈছিল; কচাৰিয়ে ৰাজধানী অধিকাৰ কৰি লণ্ড ভণ্ড কৰে।
- বৰদোৱাক বটদ্ৰৱাও বলে। বটদ্ৰম” বা ডাঙৰ বটগছ ইয়াত আছিল। বটম য'ত আছিল সেই গাৱক টক্ৰমা”
বুলিছিল। "সটম ক্ৰমাৎ কপিত ভোত সিকৃত হৈ বটদ্ৰৱাত পৰিণত হৈছিল। ৰাজথৰ,