80 কায়স্থ সমাজৰ ইতিবৃত্ত ভূঞ। বাজা। বৰ্তমানে ভোটৰাজ্যৰ সীমা ব্ৰহ্মপুত্ৰ উপত্যকাৰ য'ৰপৰা আছে, চণ্ডীবৰৰ সময়ত তাতকৈ ভালেখিনি নামনিত আছিল; সেই কাৰণে নামনি আসামত প্ৰাযে ভোটৰ উৎপাত হৈ আছিল। ভূঞাসকলৰ স্বতন্তৰীয়া ভাব দেখি ভোটে এই সমযত লেঙামাগুৰী আক্ৰমণ কৰে। এই আক্ৰমণৰ সময়ত চণ্ডীবৰ কিবা কামত অন্য ঠাইলৈ গৈছিল; ভোটে এই সুবিধা পাই লেঙামাগুৰী লণ্ডভণ্ড কৰে আৰু চণ্ডীবৰৰ পুত্ৰ ৰাজধৰ আৰু কিছুমান লোকক ধৰি লৈ যায়। চণ্ডীবৰে এই সংবাদ পাই লৰালৰিকৈ লেঙামাগুৰীক আহি আন সকলে ভূঞাক সংবাদটো জনালে, কিন্তু কেৱে কাৰ্যেৰে তেওঁক সহানুভূতি নেদেখুৱালে। তাকে দেখি চণ্ডীবৰে নিজে কিছুমান সৈন্য লৈ খেদি যায় আৰু ভোট দেৱানগিৰি পোৱাৰ আগতে আগুৰি ধৰে। চণ্ডীবৰ আৰু ভোটৰ ভিতৰত এখান যুদ্ধ হয়। ভোট হাৰি পলাম পত্ৰং দিযে—চণ্ডীবৰে ৰাজধৰ আৰু অন্যান্য মানুহবিলাকৰ উদ্ধাৰ কৰি লেঙামাগুৰিলৈ ঘূৰি আহে। ১০৫৭ খৃঃ অত বৰ চেকেণ্ডৰ নামৰ চুবাদাৰ এজনে ইন্দ্ৰনাৰায়ণৰ পশিম ফালৰ কিছুমান ঠাই অধিকাৰ কৰে। সৰ বতঃ এনে সময়তেই ভোটে লোমগুৰী আক্ৰ কৰিছিল। স্বাধীন শিৰোমণি চণ্ডীবৰে তেওঁৰ লগৰ অন্যান্য ভূঞাসকলৰ ভিতৰত একতা আৰু সহানুভূতিৰ অভাব দেখি লোমাগুৰী ত্যাগ কৰাকেই স্থিৰ কৰিলে। তেওঁ অলপ দিনৰ ভিতৰতেই বৰনদীৰ পূবৰ কিছুমান ঠাই অধিকাৰ কৰে। এই সমযত ব্ৰহ্মপুত্ৰৰ গতি বতমান গতিৰ ১০/১২ মাইল দক্ষিণে আছিল—বৰ্তমান গতিযেদি সামান্য এসুতা বৈছিল বুলি অনুমান হয়। দক্ষিণ পাৰে কাও লামুখলৈ কচাৰি ৰাজ্য আছিল; কিন্তু বৰ্তমান নগাওঁ জিলাৰ উত্তৰ খণ্ডত কচাৰি প্ৰভাৱ বৰ কম আছিল। এই ঠাইখ মাজুলীপূৰ্ণ আছিল; হাত ‘এ’ নামধাৰী ২১ এজন ৰজাই কচাৰি ৰাজাৰ অধীনত বাস কৰিছিল কি। সিবিলাকৰ ৰাজ্য অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আছিল। চবৰে কালী মুখেদি এই মাজুলীবোৰত সোমাল আৰু অলপ দিনৰ ভিতৰতে তাৰ কিছু ঠাই অধিকাৰ কৰিলে। চণ্ডীবৰে চাপৰিৰ কুঠাৰডুবিত (অ) ঘৰ কৰে। কুঠাৰডুবিত কিছুদিন বাস কাৰ পাচত সেই ঠাই অচল বোধ কৰিবলৈ ধৰে; তাৰ পাচত সেই চাপৰিৰেই “ট শিমলুতল” (ই) নামৰ ঠাইলৈ উলি তুলি আনে। ইযাত তেওঁ কেইটামান আলি আৰু পুখুৰী খণ্ডাস। চণ্ডীবৰে ইয়াত এখন কালী বিগ্ৰহে। স্থাপন কৰে। চণ্ডীবৰ ইয়াত কেইবছৰমান থকাৰ পাচ ও চাপৰিৰ উত্তৰ ফালটো খাব ধৰে আৰু উত্তৰেদি বোৱ। ব্ৰহ্মপুত্ৰৰ সুতীটো ক্ৰমে বহল হবলৈ ধৰে। তাকে দেখি চণ্ডীবৰ উজাই গৈ গোপেশ্বৰ পায়। গোপেশ্বৰত অলপ দিন থাকি যেটা নেয়েদি উজাই মেপত দেখুৱ। বৌটা নগৰ স্থাপন কৰে। ইযাত থাকি তেওঁ পূবৰ ভূঞাসকলক পৰাস্ত কৰি গাংনীলৈ অধিকাৰ বহলায়। এই সময়ত চণ্ডীবৰৰ ৰাজ্য উৰে ৰেটাৰপৰা দক্ষিণে কপিলীলৈ, পূবে গাংমৌৰপৰা পশ্চিমে বৰনদী লৈ হল- (দক্ষিণে) “কপিলাৰ হন্তে চামধৰা সীমা কৰি। (তৃব) ভঞাসকলৰ দূতগণে নেই পৰি। ১৫৯১ শিঙ্গৰিৰ হন্তে উত্তৰৰ সীমা বাৰি। তবে লোক যত আনিল। হুঙ্কাৰি।” .. মচৰণ।
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৬২
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই