কায়স্থ সমাজৰ ইতিবৃত্ত। হব। এইবোৰ দেখি আৰু চলি আহা জনশ্ৰুতিৰ ওপৰত বিশ্বাস কৰিলে গুচৰিতত উল্লেখ কৰা লেঙামাগুৰী এই খিনিকেই বুলিব পাৰি। বৰমবৈ পৰ্বততে সম্ভৱতঃ চণ্ডীবৰ ভূঞাৰ এসময়ত ঘৰৰ হাউলি আছিল। চণ্ডীবৰৰ বীৰত্ব আৰু পাণ্ডিত্যত শ্ৰেষ্ঠ বিবেচনা কৰি ধৰ্মপাল (নাৰায়ণ) ৰাজাই তেওঁৰ লত ঢাল- তৰোৱাল দি তেওঁক পূৰ্বাঞ্চলৰ শিৰোমণি ভূঞা পাতিছিল। চণ্ডীবৰে ছয় মাহ মানৰ ভিতৰত লেঙামাগুৰীত ঘৰ-দুৱাৰ কৰি চাৰিও ফালে ঠে মাৰি কনৌজপুৰৰপৰা পৰিযালবোৰ আনে :-“দেবীদাস (চণ্ডীবৰ) লোক বিত আছে যত মানে। দাসী-দাসসকলক নিল নিজ স্থানে। লোমাগুৰীক লাগি সবে লৈয়া গৈল। ব্ৰহ্মপুত্ৰে উজাই চৈধ্য দিনে গৈয়া পাইলা॥” ১১৩ ৰামচৰণ ঠাকুৰ। এই সময়ত তেওঁৰ পিতৃ লণ্ডাৰৰ ভূঞা কনৌজপুৰত স্বৰ্গী হয়। চণ্ডীবৰ লোমগুৰীত অলপ দিন পাকাৰ পাচতেই ধৰ্মনাৰায়ণ শ্ৰীহীন হয় আৰু তেওঁৰ ৰাজ্যৰ কিছুমান ঠাইৰ প্ৰাদেশিক ৰাজা বা ভূঞা- সকল স্বাধীন হয়। গৌড় বা কম ৰাজ। দুৰ্লভনাৰায়ণে ধৰ্মনাৰাষণৰ বেচি অংশ ৰাজ্য অধিকাৰ কৰে। চণ্ডীবৰ এই সময়ত বেচি ক্ষমতাশালী হৈ উঠে :- “ভৈলন্ত প্ৰসিদ্ধ তা বহু লোক পাল। লগতে উঠষ যা আশীন ঢাল। ধনুৰ পাইক সবে খাটে বহুত, গৌড়েশ্বৰ পাশক নাযায চণ্ডীবৰ।” গুৰুচৰিতভূষণ দ্বিজ। চণ্ডবৰ গৌডৰপৰা লৰা-তিৰোতা লৈ আহোঁতে বছৰত একোবাৰ গৌডলৈ যাম বুলি প্ৰতিশ্ৰুতি দিছিল— সম্ভৱতঃ গৌড়েশ্বৰৰ বশ্যতা স্বীকাৰ কৰা চিন স্বৰূপ; কিন্তু লেঙামাগুৰীৰ শাসন-জঞ্জাল বৰ বেচি হৈ উঠাত বা তেওঁৰ মনত স্বাধীনতা ভাবে খেলা কৰাত তেওঁ গৌডলৈ যোৱা নাছিল। সেই সময়ত গোড ৰাজ দুৰ্লভনাৰায়ণৰ ওচৰত কটোৱালে লগা :- “দ্বীপ নামে কটোৱাল ৰাজাত জানাইল। সবক বে নিয়া তযু পাশে লৈল। ১১১ চণ্ডীব নামে সিটো পৰম প্ৰচণ্ড। তাক আনি তুমি এবে কৰিয়োক দণ্ড।” ৰামচৰণ। ৰাজাই ছল কৰি চণ্ডীবৰক মতাই নিষ আৰু নগৰ পাওঁতেই তেওঁক বন্দী কৰি থৈ দিযে। এই সমত পশ্চিমৰপৰা এজন বিয়ী পণ্ডিত বাদ কৰিবলৈ পণ্ডিত বিচাৰি গৌডেশ্বৰৰ ওচৰত উপস্থিত হয়। ৰাজসভাৰ পণ্ডিতসকলে বিজয়ী পণ্ডিতৰ লগত তৰ্ক কৰিবলৈ সমৰ্থ নোহোৱাত চণ্ডীবৰক পণ্ডিতৰ লগত বাদ কৰিবলৈ দিয়ে। কিছুপৰ তৰ্ক কৰাত পশ্চিমৰ পণ্ডিতে পৰাজয় স্বীকাৰ কৰি গুচি যায়-ৰাজাই চণ্ডীবৰৰ ওপৰত সন্তুষ্ট হৈ “দেৱীদাস” উপাধি আৰু অনেক মূল্যবান বস্তু উপহাৰ দি লেঙামাগুৰীলৈ পঠাই দিয়ে; সম্ভৱতঃ ৰজাই ভাল ব্যৱহাৰ কৰি চণ্ডীবৰক এইবাৰ অধীনত ৰাখিবলৈ যত্ন -
কৰিছিল।