কায়স্থ সমাজৰ ইতিবৃত্ত। ৫ ৪১ ৪ামাল -
} উত্তমনাৰায়ণ—সত্ৰাজিতৰ উত্তমনাৰায়ণ আৰু শ্ৰনাৰায়ণ নামে আৰু দুটি পুত্ৰ আছি। কামৰূপলৈ আহি উত্তমনাৰায়ণকবৰনগৰত জমিদাৰ পাতে আৰু আহোমক খেদি নি পাও পায় (১৬৩৭ খুঃ অঃ)। ইয়াৰ পাছত আহোম-মোগলৰ সন্ধি হয়। কিন্তু এই সন্ধিতে ৰণৰ অন্ত নপৰিল। পুনৰ আহোম-মোগলৰ ৰণ হয়। মোগলে মধুপুৰত আৰু আহোমে সোন্ধাত গড় কৰি ৰণ কৰে; মোগলৰ অধীন জমিদাৰ, এৱে। মোগলৰ ফালে যোগ দিয়ে। এই ৰণত মোগল ৰে; ধৰ্মনাৰায়ণ (বলী- নাৰায়ণ) আৰু খাংলাই চেটিয়াই উত্তমক খেদি নিয়ে আৰু বৰনগৰ অধিকাৰ কৰে। এওঁলোকে উত্তমৰ ভাণ্ডাৰ লুটে, ঘৰ-দুৱাৰ পেৰে আৰু খুড়ীয়েকে সৈতে সতি সন্ততিক ধৰি নিয়ে ১৬৩৭ খৃ: অঃ। [প্ৰাচীন কামৰূপ বুৰঞ্জী]* উত্তমে আহোমৰ লগত পাছত অতি ভীষণৰূপে যুদ্ধ কৰে আৰু বহুত আহোম ৰণুৱা মাৰে। ইয়াৰ পাছত উত্তমে বঙালৰ সৈতে ৰেকী, পোমাৰা, জাখলিখানাত থানা কৰে; আহোমে তাৰোপৰ খেদে। কিন্তু তাৰ পাছত মোগলে উত্তমৰ সৈতে বহুত সৈন্য লৈ আহি কলিয়াবৰত ৰণ কৰে; দুখৰ বিষয় ইয়াতে। হাবি মিৰ্জা জইনুদ্দিন, আলোৱাৰ, উত্তৰ, ৰূপচ আদি সেনাপতি ভটিয়াই গুৱাহাটী পায় {১৬৩৮ খৃঃ অঃ); ইয়াৰ পাছত আহোম আৰু মোগলৰ সন্ধি হয়। অসুৰৰ আলি আৰু বৰনদী দুই ৰাজ্যৰ সমা হয়। উত্তমনাৰায়ণে পুনৰ ধ্বংস হোৱা বৰনগৰলৈ যায়। জয়নাৰায়ণ ৰজা মোগলৰ হাতত মৰা পৰাৰ পাছত উত্তমনাৰায়ণ বৰনগৰত জমিদাৰ হয়। এই •গত কেতেকীবাৰী, ডেকাৰবাৰী, মালপাৰা আদি কিছুমান গাওঁ আছে। উত্তমনাৰায়ণ বৰনগৰলৈ আহোঁতে হেনো মাল লগতলৈ আহিছিল। এই মাল যি ঠাইত আছিল সেই ঠায়েই মালপাৰা নাম পায়। মালৰ বংশধৰ এতিয়াও আছে বুলি শ্ৰীযুত পাটগিৰীয়ে লিখিছে। এই অঞ্চলত বহুত পুখুৰী আছে। তাৰ ভিতৰত ২৪ টা ডাঙৰ। এই পুখুৰীবোৰৰ কোনো কোনেংটো ৰঘুদেৱৰ দিনত ঋন্দা হৈছিল বুলি অনুমান কৰিব পাৰি; কি বেছিভাগ পুখুৰী বৰনগৰীয়া বৰুৱাৰ দিনতে খৰোৱা। “ডেকাবাৰী” সম্ভবতঃ ডেকা বৰুৱা থকা ঠাই। উত্তমৰ চাৰি পুত্ৰ-পৰাষণ, সোমনাৰাষণ, সূৰ্য্যনাৰায়ণ আৰু কৃষ্ণনাৰায়ণ। পৰ্বনাৰায়ণ-আওৰঙ্গজেব দিল্লী সিংহাসনত বহা সময়ত মোগল ৰাজ্যত এটা বিপ্লব ঘটিছিল; সেই সময়ত কোচ ৰাজ্যত প্ৰাণ নাৰায়ণ ৰজা আছিল; প্ৰাণনাৰাষণে কোচহাজো দখল কৰিবলৈ যত্ন কৰিছিল। উত্তমৰ পুত্ৰ পৰ্বনাৰায়ণেও এইটোকে সুবিধা বিবেচনা কৰি দুৰ্লভনাৰায়ণ নাম গ্ৰহণ কৰি তাকে দেখি প্ৰাণনাৰায়ণে ভবনাথ কাজীক পৰ্বনবায়ণৰ বিপক্ষে পথায়। পৰ্ব- "ৰাখণ পলাই দৰঙক আহে আৰু আহোম ৰজা জয়ধ্বজ সিংহৰ অশ্ৰয় লয। আহোম সেনাপতি টংচু সন্দিকৈয়ে পবনাৰায়ণৰ সৈতে ভবনাথক বাধা দিয়ে। ইয়াৰ পাছত পুনৰ আহোম-মোগলৰ ৰণ হয় আৰু তাৰ ফলত বৰ্তমান কামৰূপ জিলা অহোমৰ অধীন হয়। সোমনাৰায়ণ-বনগত দুৱৰীয়া বৰুৱা হয় (আহোমৰ দিনত)। এওঁৰ ওপৰত ভোটৰ পূৰ দুৱাৰ ৰক্ষাৰ ভাৰ আছিল। বংশাৱলীৰপৰা বুজা যায এওঁৰ ১৫ খান পৰগণ। অছিল—বোধহয় এই পৰগণাৰ কিছুমান বৰ্তমান গোৱালপাৰা জিলাৰ ভিতৰত আছিল। এওঁৰ দিনত এই বংশৰ ঐশ্চৰ্য পুনৰ বাঢ়ি উঠে। এই সময়ত বিজনীত পৰীক্ষিত নাৰায়ণৰ বংশধৰ জয়নাৰায়ণ জমিদাৰ হয়। ওচৰতে বৰনগৰীয়া বৰুৱাৰ ধৰ প্ৰভাবশালী হৈ উঠাত দুয়ো বংশৰ ভিতৰত নানা কাৰণে মনোমালিন্য ঘটে। সোমনাৰায়ণৰ পুত্ৰ জয়নাৰায়ণ-এওঁ আহোম৷ ৰজাৰপৰা বুজৰ বৰুৱা খিতাপ পায়। চণ্ডীনাৰায়ণ বৰুৱা-এওঁ জয়নাৰায়ণৰ নাতি। এওঁৰ ৪০ বছৰ মান বয়সত বিখ্যাত মানৰ আক্ৰমণ হ্য। চণ্ডীনাৰায়ণ বৰ দীঘল শকত হাড়ৰ পুৰুষ আছিল। কথিত আছে-এওঁৰ গাৰ বৰণ তেলকলা
- COCO forfetce-"He (i. e. Balinarayan ) retreated to Budhpagar where he throw up a strong
entrenchment, but withdrew to chothri and hearing that Mahammad Zaman was marching against him with strong detachment, under the guidance of Uttam Narayan, the son of Sardarbar, Zamindar of Budhnagar, who was well acquainted with the country." বৰগৰত ৰজা