কায়স্থ সমাজৰ ইতিবৃত্ত ২৫
“ন্যায়কৰণিক জনাৰ্দনৰামী ব্যৱহাৰি হৰদত্তকায়স্থ দুগ্ধনাথ প্ৰভৃতয়” ৬ষ্ঠ শ্লোক “সইতা লেখয়িতা বসুবৰ্ন ভাণ্ডাগাৰাধিকৃত মহাসামন্তদিবাকৰ প্ৰভ।” অৰ্থ—স্যায়কৰণিক (Magistrate) জনাৰ্দনস্বামী, ব্যৱহাৰী (Lawyer) হৰদত্ত কায় দুৰ্গনাথ প্ৰভৃতি; ফলি প্ৰস্তুতকাৰী আৰু লিখক বসুবৰ্ণ ভাণ্ডাৰ ঘৰৰ অধিকাৰী মহাসামন্ত দিবাকৰ প্ৰভ। প্ৰাচীন গৌড় ইতিহাস আলোচনা কৰিলে দেখা যায় ন্যায়কণিক, লিখক আৰু ভডালীৰ কাম কৰা ক্ষত্ৰিয়সকলেই কায়স্থ বুলি নিজক পৰিচয় দিছিল। এতেকে ফলিৰ ৫ম আৰু ৬ষ্ঠ শ্লোকত থাকা হৰদত্ত, দুগ্ধনাথৰ লগৰ জনাৰ্দন, বসুবৰ্ন, দিবাকৰ প্ৰভকে। সেই সময়ৰ কায়স্থ বুলি ধৰিব পাৰি। এওঁলোক পুৰণি কালত কামৰূপত বাস কৰা আৰ্যসকলৰ সতি সন্ততি। ফলিখান ভাস্কৰ বৰ্মাই কৰ্ণসুবৰ্ণন্ধবাৰৰপৰা দিছিল। স্কন্ধব। মানে শিবিৰ; কৰ্ণসুবৰ্ণ শিবিৰৰপৰাই ভাস্কৰ বৰ্মাই ভূমিদান পত্ৰ দিয়াতত বুজিব পাৰি। কৰ্ণসুবৰ্ণ আজি কালিৰ দিনাজপুৰ আৰু ৰংপুৰ জিলা। ইয়াত শশাঙ্ক। নামে ৰাজা আছিল; ভাস্কৰে তেওঁক পৰাস্ত কৰি এই দেশ অধিকাৰ কৰে। কৰ্ণসুবৰ্ণই পৰৱৰ্তীকালত বাৰেভূম নাম পায়। আমাৰ কোনো কোনো অসমীয়া পুথিত এই কৰ্ণসুবৰ্ণকেই “কৰ্ণপুৰ” বুলি উল্লেখ কৰিছে। ফলিৰ আলোচনা কৰা ই ঠাই নহয়—মুঠতে ভাস্কৰ বৰ্মাৰ সময়ত ৭ম শতিকাত কামৰূপত বিশিষ্ট ৰাজ কৰ্মচাৰী কায়স্থ আছিল যে এই ফলিৰদ্বাৰা ভালদৰে প্ৰমাণ হয়। দশম শতিকাৰ আগৰ তামৰ ফলি আৰু শিলালিপি আলোচনা কৰিলে কামৰূপত প্ৰাচীন কালৰপৰা কায়স্থ থাকাৰ আৰু প্ৰমাণ দিব পাৰি কিন্তু দুখৰ বিষয় এই কায়সকলৰ বংশধৰসকলৰ নাম আৰু বিবৰণ সংগ্ৰহ কৰাহে অতি কঠিন। ভাঙ্কৰ বা নৰক বংশীয়। নৰকবংশীয় ৰাজাৰ হাতৰপৰা কামৰূপ যোৱাত ম্লেচ্চ ৰাজা শালস্তম্ভই কামৰূপ জয় কৰে। শালস্তম্ভ ৭ম শতিকাৰ শেষ পাদৰ ৰাজা। স্তম্ভবংশৰ একৈশজন ৰাজাই ৰাজত্ব কৰাৰ পাচত প্ৰায় ১,০০০ খৃঃ অৰত নৰকবংশৰ ব্ৰহ্মপালে ৰাজত্ব কৰে। ব্ৰহ্মপালৰ পুত্ৰ ৰত্নপাল। ৰত্নপালৰ এখান তাম্ৰপত্ৰ ১৮৯৮ ইং চনৰ এচিয়াটিক চোচাইটিৰ জাৰ্ণেলৰ ১ম ভাগ ১ম সংখ্যাত ছাপা হৈছে। ইয়াৰপৰা শ্লেচ্চ ৰাজবংশ আৰু নৰকবংশীয় ব্ৰহ্মপালৰ বংশধৰ কামৰূপৰ ৰজাসকলৰ অলপ কথা আৰু সময় জানিব পাৰি। এই পালবংশই ত্ৰয়োদশ শতিকাৰ মাজ ভাগলৈ ৰাজত্ব কৰে। ৰত্নপাল আৰু ইন্দ্ৰপাল ৰাজাৰ দিনত দেশলৈ বহুত ব্ৰাহ্মণ-কায়স্থ লোক আহে। ত্ৰয়োদশ শতিকাৰ আগ ভাগত ৰাজত্ব কৰা কামৰূপৰ নৰকবংশীয় পাল ৰাজা পৃথুপালৰ পাচৰ ৰাজা দুজন কিছু দুৰ্বল আছিল; শেষ ৰাজা সুবৰ্ণপালৰ হাতৰপৰা অনুমান ১২৫০ খৃঃ অন্ধত তেওঁৰ মন্ত্ৰী সুমতিয়ে সিংহাসন কাঢ়ি লয় আৰু সিন্ধু নাম লৈ কামৰূপ নগৰত ৰাজা হয়। + এওঁৰ বিষয় ৰামচৰণ ঠাকুৰে লিখিছে –“সন্ধ্যাত জন্মিলা পদে ভৈল। সন্ধ্যা নাম। পাইলা মনোনীত বৰ সিদ্ধি ভৈলা কাম। যিহেতু বৰত ভৈলা তাতে একেশ্বৰ। পৰম ধৰ্মিষ্ঠ সিটো ভৈলা গৌড়েশ্বৰ।” 1 এও দেৱবংশৰ কায়স্থ ৰজা আছিল। (See Early History of Kamrup Page co.) ! সুমতি গৌড়ৰ পাল ৰাজবংশীয় ক্ষত্ৰিয় ৰাজকোৱৰ আছিল। (ৰতিকান্ত দেৱৰ ৰাজ বংশাৱলী, কামৰূপ বুৰঞ্জী আৰু শঙ্কৰ চৰিত মিলালে বুজিব পৰা যায়।) 8