পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৪৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪ কায়স্থ সমাজৰ ইতিবৃত্ত। কাৰণে সমস্ত বুহ্মপুত্ৰ উপত্যকাত (কোচবেহাৰে সৈতে) কোনো অকায়স্থই কায়স্থ বুলি পৰিচয় দি প্ৰকৃত কায়স্থৰ লগত সম্বন্ধ কৰিব পৰা নাই। প্ৰকৃত কায়স্থৰ কোনোৱে যদি অপ্ৰকৃত কায়স্থ বিষয় বা ধৰ্মাচাৰ্যৰ লগত সম্বন্ধ কৰে তেন্তে তেওঁক কায়স্থ-সমাজচ্যুত হোৱা বুলি গণ্য কৰে; এনে কায়স্থও এই উপত্যকাত কিছুমান আছে। এওঁলোকে যি যি সমাজলৈ নামিছে সেই সেই সমাজতে আৱদ্ধ আছে, পুনৰ কায়স্থ সমাজত ভুক্ত হব পাৰা নাই। কিন্তু প্ৰকৃত কায়স্থৰ সংখ্যা এই দেশৰ অন্যান্য জাতিৰ তুলনাত অতি কম। হিন্দুৰাজত্বৰ অৱসানৰ লগে লগে এওঁলোকৰ অধিকভাগ ৰাজবিষয়ৰপৰা বঞ্চিত হোৱাত নিষ্প্ৰভ হৈ গৈছিল। আগৰ ৰাজদত্ত এওঁলোকৰ যি ভূমি অছিল, নানা কাৰণত বহু তৰে কমি যোৱাত আনকি কিছুমান ভূমি শূন্য ভূঞা হোৱাত বহুতে অন্ন-বস্ত্ৰৰ কষ্টত মৃত্যুক অপেক্ষা কৰি থাকিবলগা হৈছিল। কিছুমানে আকৌ আন ঠাইত কিবা সুবিধা পাওঁ বুলি ওপোজা ঠাই এৰি অনাই বনাই ফুৰিছিল; ইয়াৰ ফলত হিন্দু ৰাজত্বৰ সময়ত কায়স্থ বিষয়া আৰু ধৰ্মাচাৰ্যসকলৰ প্ৰভাৱত যিবোৰ ঠাই নগৰৰ দৰে শোভা কৰিছিল সেইবোৰ জাৰণিত পৰিণত হয় আৰু বহুত প্ৰভাৱশালী কায়স্থবংশৰ চিন নাইকিয়া হয়; যেনে বিজনীত ৰাজবিপ্লৱ ঘটাৰ সময়ত বৈটামাৰিত (গোৱালপাৰা) বাস কৰা কায়স্থসকল, কায়স্থ ধৰ্মাচাৰ্যৰ গুৱাগাছা, ঘিলাঝাৰি, বিষ্ণুপুৰ আদি সূত্ৰ। ইয়াৰ উপৰি ৰাষ্ট্ৰ পৰিৱৰ্তনৰ লগে লগে এই জাতিৰ বহুতে আত্মম্ভাৰিতা কৰি সময়োপযোগী শিক্ষা লাভ নকৰাৰ ফলত ৰাজবি, ব্যৱসায়-বাণিজ্য আদিত দেখা দিব নোৱাৰিলে। এই কাৰণে আমাৰ দেশৰ কাসস্থক বৰ্তমানে শিঙ্গত পাচ পৰা জাতিৰ ভিতৰৰ এটা জাতি বুলি প্ৰায় কব পাৰা হৈছে। শিক্ষাৰ অভাৱ আৰু অৱস্থা হীন হোৱা বাবে আমাৰ দেশৰ বহুত কায়স্থৰ আত্ম শক্তি অনাস্থা আৰু অদৃষ্টৰ ওপৰত নিৰ্ভৰ কৰা স্বভাৱ হৈ উঠিছে। ইয়াৰ ফলতেই মাজে মাজে দুই চাৰিজন কায়স্থ সন্তানে বৰ্তমানেও নিজ কুল-গৌৰৱ ত্যাগ কৰি আন সমাৰ কলেৱৰ বৃদ্ধি কৰিব ধৰিছে। অপৰিসীম গৌৰৱ মণ্ডিত প্ৰাচীন কামৰূপী কায়স্থ সমাজৰ অৱশেষ কায়স্থসকলে পূৰ্ব গৌৰৱ স্মৰি আৰু ভাৰতৰ আন আন প্ৰদেশৰ বিশেষকৈ বঙ্গদেশৰ কামস্থসকলৰ জ্ঞান-ধনলৈ দৃষ্টি কৰি নিজক ৰক্ষা কৰিবলৈ যত্ন নকৰিলে কিছু কাল পাচতেই অন্যান্য ব্ৰাহ্মণে ৩ৰ মাজত জীন যোৱা একো অসম্ভৱ নহয়। -::-- ৭ম তাধ্যায়। স্বাধীনতাৰ যুগ। ১। কামৰূপত কায়স্থ বাস। (ক) ৭ম শতিকাৰ কায়স্থ শ্ৰহট্টৰ পঞ্চম খণ্ডত পোৱা ভাস্কৰ বৰ্মনৰ তামৰ ফলিৰ ৩য় কলিৰ ৫ম শ্লোকত পোৱা যায়-