কায়স্থ সমাজৰ ইতিবৃত্ত। RO ভিতৰত পাৰ্থক্য পাহৰিবলৈ বাধ্য হয়, আৰু সেই কাৰণে বোধকৰে। তেওঁলোকৰ বংশধৰসকলে উক্ত প্ৰাচীন শ্ৰেণীৰ কথা বৰ্তমানে প্ৰায়ে কব নোৱাৰে। বঙ্গদেশত অন্য ধৰ্মাৱলী ৰাজাৰ শাসনৰ ফলত নানা প্ৰকাৰ সামাজিক বিপ্লব ঘটাত সমাজৰ প্ৰধান ব্যক্তিসকলে সময়ে সময়ে সমাজ স্থাপন কৰি নিজ নিজ সমাজৰ কৌলিন্য ৰক্ষা কৰিবলৈ বাধ্য হোৱাৰ দৰে কামৰূপত তেনে দৰকাৰ হৈ উঠা নাছিল—সেই কাৰণে বঙ্গদেশৰ দৰে ইয়াত বঙ্গজ, বাৰেন্দ্ৰীয়, টীয় আদি কৌলিন্য প্ৰথা বা সমাজ আদি নাই; ইয়াৰ সকলো কায়স্থে ভূঞাৰ সন্তান বুলি বিশ্বাস কৰে আৰু সকলোৱে পৰস্পৰ সমান বিবেচনা কৰে। বঙ্গদেশত বসু, মিত্ৰ, ঘোষ, গুহ আদি কায়স্থৰ উপাধি থাকাৰ দৰে কামৰূপীয কায়স্থৰ গিৰী, ৰায়,। দ, ভূঞা, বসু আৰু ঘষ এই কেইটা জাতিবাচক উপাধি আছিল; কিন্তু এই দেশত বাস কৰোঁতে তেওঁলোকে ৰজঘৰীয়া সীকদাৰ, মজুমদাৰ, গোমস্থা, বৰকায়স্থ, কায়স্থ, চৌধাৰী, পাত্ৰ, ভাণ্ডাৰ-বৰকায়স্থ, কাকতী, ভাণ্ডাৰ-কায়স্থ, বৰুৱা আদি নানা উপাধি লাভ কৰে। কায়স্থসকলৰ যিসকল ধৰ্মাচাৰ্য্য সিবিলাকে ঠাবৰ, অধিকাৰী, মহন্ত, গোস্বামী,কলিতা, মেধি আদি লিখে। এইদৰে এই দেশত লাভ কৰা ৰাজকীয় আৰু ধৰ্মাচাৰ্যৰ উপাধি লাভ কৰাত অগৰ জাতিবাচক উপাধি প্ৰায়বিলাকে এৰি পেলায়। ইংৰাজে প্ৰথমে আমাৰ দেশ লওঁতে চাৰ জৰ্জ কেম্বেল চাহাবে পোনতে ৰাজ বিষয়াৰ সন্ততিক উপাধি লিখিবলৈ আদেশ দিছিল বোলে, কিন্তু পাচত কিছুমান উচ্চ পদস্থ বিষয়াই আপত্তি কৰাত পুনৰ যি বংশৰ যি উপাধি আছিল বংশধৰসকলক তাক লিখিবলৈ দিয়ে। ১ম আদেশৰ ফলত বহুত কায়স্থে নিজৰ নিজৰ উপাধি ত্যাগ কৰে আৰু প্ৰায় সৰহ ভাগেই নামৰ পাচত “কায়স্থ” লিখে; কিন্তু যেতিয়া আমাৰ দেশত বঙ্গালী প্ৰভাৱ বেচিকৈ পৰিবলৈ ধৰিলে, তেতিয়া বঙ্গালীক দেখি কিছুমানে “দত্ত” উপাধি লিখিবলৈ ধৰে আৰু তাৰ ফলত “দত্ত” উপাধিয়েই বৰ্তমান সমসলৈকে কায়স্থৰ জাতিবাচক উপাধি হৈ আহিছিল; বিন্তু আজি কালি উজনীৰ কোচ , কেওট জাতীয় লোকে আৰু কামৰূপৰ দুই এজন কোচ মানুহে ‘দত্ত’ উপাধি লিখিবলৈ আৰম্ভ কৰাত সিয়ো জাতিবাচকৰপৰা সৰি পৰিছে। এই দেশৰ কায়স্থসকলক দুই শ্ৰেণীত ভগাব পাৰি-(১) ধৰ্মাচাৰ্য আৰু (২) বিষয়। আহোমৰাজাৰ দিনত বহুত কায়স্থ বিষয়াই নিজৰ স্থাপিত বিগ্ৰহ, অতিথিশালা, মঠ আদিৰ বাবে নিৰ ভূমি পাইছিল আৰু তেওঁলোকো ধৰ্মাচাৰ্যৰ দৰে হৈ আছিল। এই কাৰণেই ধৰ্মাচাৰ্য আৰু বিষয়াৰ ভিতৰত কোনো পাৰ্থক্য নাছিল; উভয়ৰ ভিতৰত আদান প্ৰদান বৰ্তমান সমযলৈ অবাধে চলি আছে। কিন্তু সেই বুলি ধৰ্মাচাৰ্যসকলক হিন্দুৰ অন্যান্য জাতিয়ে বেচি শ্ৰদ্ধাৰ চকুৰে চোৱাৰ দৰে স্বজাতীয় বিষয়াসকলেও সিসকলক বিশেষ সম্মান নেদেখুৱাই নাথাকে। উক্ত দুই শ্ৰেণীৰ কায়স্থৰ বাহিৰে অন্য জাতীয় কোনো কোন ধৰ্মাচাৰ্য আৰু ধনী বিষয়াই নিজক কলিতা-কায়স্থ বুলি পৰিচয় দিয়ে, এওঁলোকক কিন্তু প্ৰকৃত কায়স্থ গোসই আৰু বিষয়াসকলে কায়স্থ বুলি গ্ৰহণ নকৰে। অতি প্ৰাচীন কালৰপৰা কায়স্থসকলৰ পুৰুষীনামা আৰু বংশাৱলী ৰাখাৰ নিয়ম চলি আহিছে। তেওঁ- শোকৰ ভিতৰৰ বহুত কায়স্থ ধৰ্মাচাৰ্য আৰু বিয়াৰ নিজৰ আৰু জাতিৰ বহুত বংশৰ কীৰ্তিকলাপ আৰু পুৰুষীনামা পৰ্যন্ত মুখস্থ আছিল; বৰ্তমানেও কোনো কোনো কায়স্থ ধৰ্মাচাৰ্যৰ মুখস্থ আছে। এই
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৪৫
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই