২২ কায়স্থ সমাজৰ ইতিবৃত্ত।
মিত্ৰৰ বংশধৰ তাৰাপতি মিত্ৰক মুখ্য কুলীন, দবংশীয় নাৰায়ণ দত্ত, নাগবংশীয় দশৰথ, নাথবংশীয় মহানন্দক “মধ্যল্য”, আৰু দাস, সেন, কৰ, দাম, পালিত, চন্দ্ৰ, পাল, ৰাহা, ভদ্ৰ, ধৰ, নন্দী, দেৱ, কুণ্ড, সোম, সিংহ, ৰক্ষিত, অঙ্কুৰ, বিষ্ণু, আদ্য, নন এই কুৰিওনক বল্লালসেনে “মহাপাত্ৰ” নাম দিয়ে। ইয়াৰ উপৰি কিছুমান অচলা কায়স্থ আছে; যেনে—হেড, স্বৰ, ধৰণী, বাণ, আইচ, পৈ, শূৰ, শাল, ভঞ্জ, বিন্দু, গুই, বল, শৰ্মা, বৰ্মা, ভূমিক, হুই, ৰুদ্ৰ, গুড, আদিত্য, পীল, খিল, গুপ্ত, চাঞি, বন্ধু, শাঞি, হেস, সুমনু, গণ্ড, ৰাণা, ৰাহুত, দাহক, দান, গণ, অপ, মান, খাম, ক্ষেম, তোক, বৈ, ঘৰ, দেৱ, ভূত, অৰ্ণব, ব্ৰহ্মা, ইন্দ্ৰ, শক্তি, সঙ্গ, ক্ষমা, অশ, বৰ্ধন, হেম, বন্ধ, অঞ্জ, কীৰ্তি, শীল, ধনু, গুণ, যশ, মনন, দাডিক, চাকি, শ্যাম, পুঞি, গণ্ডু, নাদক, বোই, হোম, চাশক, ঢোল, দূত এইবোৰ; মতান্তৰে ৬৪ ঘৰ। (বিশ্বকোষ ৬০৪ পৃষ্ঠা।) বল্লালসেনৰ সময়ত বঙ্গদেশৰ কায়সকলে বাসস্থান অনুসৰি তিনি শ্ৰেণীত বিভক্ত হয় বঙ্গজ, ৰাঢ়ীয়, বাৰেন্দ্ৰ। ৰাঢ়ীয় শ্ৰেণী দুই ভাগে বিভক্ত—উত্তৰ ৰাঢ়ত থাকাবিলাক উত্তৰ ৰাটীয় আৰু দক্ষিণ ৰাঢ়ত থাকাবিল'কে দক্ষিণ ৰাঢ়ীয় নাম পায়। বঙ্গদেশত ডেঙৰ আৰু গোলাম কায়স্থ নামে দুই শ্ৰেণীৰ কায়স্থ আছে; তেওঁলোকেও কায়স্থবংশজ বুলি কয়; কিন্তু প্ৰকৃত কুলীনসকলে তেওঁলোকৰ লগত কোনো প্ৰকাৰ সম্বন্ধ নকৰে, তেওঁলোকৰ হাতে অন্নাদিও গ্ৰহণ নকৰে। ইয়াৰ উপৰি কিছুমানে ধন গৌৰৱত নিজক কায়স্থ বুলি পৰিচয় দিয়ে, প্ৰকৃত কায়স্থসকলে তেওঁলোকৰ লগত কোনো সামাজিক সম্বন্ধ নকৰে। (বিশ্বকোষ ৬০৭ পৃঃ) বঙ্গদেশত মুছলমান শাসনৰ সময়ত নানা প্ৰকাৰ সামাজিক বিপ্লব ঘটিছিল; সেই কাৰণে ব্ৰাহ্মণ-কায়স্থৰ প্ৰধান ব্যক্তিসকলে সময়ে সময়ে সমাজ স্থাপন কৰি সেই সেই সময়ৰ সমাজৰ শৃঙ্খলতা ৰক্ষা কৰিছিল। ইয়াৰ ফলত বিভিন্ন সময়ৰ ব্ৰাহ্মণ-কায়স্থৰ কুলবুৰঞ্জীবোত নানা প্ৰকাৰ সমাজৰ নাম পোৱা যায়। বৰ্তমান সময়তো প্ৰাচীন সমাজৰ ব্ৰাহ্মণ-কায়স্থৰ বংশধৰসকলে সেই সমাজবোৰৰ কথা উল্লেখ কৰে। এই অধ্যায়ৰ আৰম্ভণতে ডাঃ ভাণ্ডাৰকাৰৰ মত দিয়া হৈছে। তেখেতৰ মতে বঙ্গদেশত ১০ম শতি- কাতহে কায়স্থ জাতিৰ উদ্ভৱ হয়। তেখেতৰ মতটোক সত্য বুলি ধৰিলে নাগৰ ব্ৰাহ্মণসকলে পোনতে। কায়স্থবৃত্তি অৱলম্বন কৰি বঙ্গদেশত কায়স্থ জাতিৰ সৃষ্টি বৰে; পৰৱৰ্তী কালত আদিশূৰ ৰাজাৰ সময়ত পশ্চিমৰ ৰা কিছুমান কায়স্থ আহি কায়স্থ জাতিৰ কলেবৰ বৃদ্ধি কৰে। পাচত বল্লালসেনৰ সময়ত সি শ্ৰেণীৱন্ধ হয়। দুয়োটা কথাৰ সামঞ্জস্য ঘটালে এনে অনুমান হয়—বঙ্গৰ কুলীন কায়স্থ জাতিটো ব্ৰাহ্মণ আৰু ক্ষত্ৰিয কায়স্থৰ মিহলি জাতি। কামৰূপীয় কায়স্থ :- এই দেশৰ কায়স্থসকলৰ আচাৰ-ব্যৱহাৰ সম্বন্ধে আগৰ অধ্যায়তে কোৱা হৈছে। ইয়াৰ কায়স্থসকলৰ ভিতৰত শ্ৰেণী বিভাগ নাই; কি। তেওঁলোকৰ কুলপঞ্জী আলোচনা কৰিলে দেখা যায়—বেচি ভাগেই গৌড় কায়স্থ; কিছুমান সাকসেনী আৰু ক্ষত্ৰপ শ্ৰেণীৰ বুলিও বোধ হয়। শিৰোমণি ভূঞাৰ বংশে ব্ৰহ্মকায়স্থ বুলি পৰিচয় দিয়ে। এই কায়স্থসকল ইয়াত বাস কৰিবৰ আজি প্ৰায় সাত শ বছৰ হল। এওঁলোকৰ পূৰ্বপুৰুষসকল এই দেশলৈ আহাত সম্ভৱতঃ তেওঁলোকৰ জনসংখ্যা কম থাকাৰ গুণে গৌড়, সাকসেনী, ক্ষেত্ৰপ আদি।