১৬ কায়স্থ সমাজৰ ইতিবৃত্ত।
যাওঁতে লগত কটাৰী ৰাখাৰ দস্তুৰ চলি আহিছে। আহোম ৰাজাৰ ৰাজত্বৰ অন্তত বৃটিচসিংহৰ ৰাজত্বৰ কালতত যেতিয়া কায়স্থসকলে ৰণচৰ্চা এৰিব লাগাত পৰিছিল সেই সময়ত এই যাঠী-শেল ইত্যাদি শস্ত্ৰ সকল চিকাৰ বা মৃগয়াত ব্যৱহাৰ কৰিছিল। বৰ্তমানেও ক্ষেত্ৰী আৰু বাউসী অঞ্চলত চিকাৰ কৰা নাও, পাপৰ আদিৰ চলন আছে। (ণ) বহুত কায়স্থই ঔষধ পাতি জানিছিল; ঘৰত বা ওচৰ কাষাৰৰ মানুহৰ ৰোগ হলে তেওঁলোকে চিকিৎসাও কৰিছিল। (ত) বেচিভাগ কায়স্থ বিষয়াই ব্যৱস্থা দিব জানিছিল; সৰু সৰু দায়ৰ ব্যৱস্থা তেওঁলোকে নিজে দিছিল; গুৰুতৰ অপৰাধৰ ব্যৱস্থাৰ বাবেহে অধ্যাপকক নিমণ কৰিছিল। কিন্তু কায়স্থ ধৰ্মাচাৰ্চে সকলো দায়-জগৰৰ ব্যৱস্থা নিজে দিছিল; বৰ্তমানেও উক্তনীৰ ডাঙৰ কায়স্থসত্ৰৰ গোসইসকলে বাৱস্থা দিয়ে। () কিছুমান কায়স্থে জ্যোতিষ ভালদৰে জানিছিল; বৰ্তমান সমযলৈকে কিছুমান কান্থে কোষ্ঠি আদি তৈয়াৰ কৰিব, ঘৰ ভেটি চোৱা, আৰু জোৰা-চোৱা আদি কাম কৰিব জানে। পূজনীয় নুত হৰেন্দ্ৰ নাৰায়ণ দত্ত স্কুল সমূহৰ ডিপুটী ইনস্পেক্টৰ মহাশয় বৰ্তমানে এজন ভাল জ্যোতিষী। (দ) আগেয়ে প্ৰায় সকলো কায়স্থে পাৰ-বাৰুদৰ কাম ভালদৰে জানিছিল; তাৰ চিন স্বৰূপ এতিযাও কামৰূপৰ কিছুমান বিয়া কায়স্থে আৰু উজনীৰ কায়স্থ ধৰ্মাচাৰ্য্যে মতা, ফুলজাৰী, হাওৱই, হিলৈ আদি খাৰৰ কাম কৰিব জানে। প্ৰাচীন কামৰূপীয় কায়স্থসকলৰ চলিত আচাৰবোৰৰ কিছুমান আচাৰ-নীতি, গাৰ্হস্থ্য-সম, শঙ্কৰী যুগৰ আগৰ বুলি অনুমান হয়; ইয়াৰপৰা স্পষ্টকৈ প্ৰতিয়মান হয় যে কায়স্থসকলে শঙ্কৰীযুগৰ বহুকাল আগৰে- পৰা এই দেশত প্ৰভাৱ বিস্তাৰ কৰি আছিল। গীতাৰ অষ্টাদশ অধ্যায়ত ভগবানে কৈছে—স্বভাৱৰ প্ৰভাৱত হোৱা সত্ব, বজ, তম গুণৰাই ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদৰ কৰি বিভাগ হৈছে। ব্ৰাহ্মণৰ কৰ্ম হৈছে :- শমো দমস্তপশৌচং ক্ষান্তিৰাৰ্জমেৱ চ। জ্ঞানং বিজ্ঞাননাস্তিক্যং ব্ৰহ্মক স্বভাৱজম্। অৰ্থাৎ ব্ৰাহ্মণৰ স্বভাৱজ কম শম, দম, তপ, পবিতা, শাভি, সৰলতা (আৰ্জব), আন (অধ্যাত্মজ্ঞান), বিজ্ঞান (বিবিজ্ঞান) আৰু আস্তিক্য বুদ্ধি। গতিষ কৰ্ম হৈছে :- শৌং তেজো ধূতিৰ্ধাক্ষ্যং যুদ্ধে চাপপলায়ণম্। দামীশ্বৰভাৱশ্চ ক্ষাত্ৰ কৰ্ম স্বভাৱজ। ৪৩ অৰ্থাৎ শৌৰ্য, তেজ, ধৈৰ্য্য, দক্ষতা, যুদ্ধত পিঠি নেদেখুৱা, দান আৰু ঈশ্বৰভাব এই কেইটাই ক্ষত্ৰিয়- সকলৰ স্বাভাবিক কৰ্ণ। প্ৰাচীন কামৰূপীয় ক্ষত্ৰিয় কায়স্থাকলৰ গাত ক্ষত্ৰিয়ৰ স্বভাৱজ গুণ আৰু কৰ্মবোৰ আছিল; বৰ্তমানে কালৰ গতিত অন্যান্য ঠাইৰ ক্ষত্ৰিয়ৰদৰে এওঁলোকৰ বংশধৰসকলৰ গাৰপৰাও শৌৰ্য, তো আৰু যুদ্ধলৈ আগবা শক্তি নাই বুলি হয়; তাৰ ঠাইত তেওঁলোকৰ কিছুমানৰ গাত শম, দম, পবিত্ৰতা, সৰলতা, জ্ঞান আদি ব্ৰাহ্মণৰ গুণ কিছুমান দেখিবলৈ পোৱা যায়। 82