১২ কায়স্থ সমাজৰ ইতিবৃত্ত। Aine-i-Akbary, translated by Col H. S. Garat, Vol 11 pp. 126 বঙ্গদেশৰ যিবিলাক কায়স্থই বৌদ্ধ যুগত উপবীত ত্যাগ কৰিছিল আজি কিছুমান বছৰৰপৰা সেই সকলৰ কিছুমানে ব্ৰাত্য হোম কৰি উপৰীত গ্ৰহণ কৰিছে আৰু ১২ দিন অশৌচ পালন কৰা হৈছে। ভাৰতবৰ্ষৰ কায়স্থ জাতি সম্বন্ধে পশ্চিমীয়া জাতিবিদ পণ্ডিতৰ মত :- "It is not irrelevant, however, to state here, that the whole of the third class, that of the writers, have a distinct strain Kshatriya blood, not only in this presidency, but in the upper India, where they are stronger in number as well as in influence." Census Report of British India Vol. 111 P. XCIX (131779 ata 3$ 1) এতেকে অন জাতিৰ কোনো লোকে কাস্থবৃত্তি অৱলম্বন কৰি “কাইপ” বা “শৰ্মকায়স্থ” আদি উপাধি ললেও কায়স্থ শব্দে অকল মসীজীৱী ক্ষত্ৰিয়সকলকহে বুজায়। কায়স্থ শব্দ কৰ্মবাচক নহয়—জাতিবাচকহে। ৫ম অধ্যায় প্ৰাচীন কামৰূপীয় কায়স্থ-ক্ষত্ৰিয়। নাগশঙ্কৰ বা নাগাৰ্গ ৰাজাই ৪ৰ্থ শতিকাত প্ৰতাপগডত ৰাজধানী পাতি লোহিত্যৰ উত্তৰ কুলত ৰাজত্ব কৰিছিল। এওঁৰ বংশধৰ মাণাঙ্গ, গজাঙ্গ, শ্ৰবঙ্গ আৰু মৃগাঙ্গই প্ৰায় দুশ বছৰ ৰা কৰে। উক্ত নাগয়ি ৰাজবংশটো পৰৱৰ্তী কালত কায়স্থ ভূঞা বুলি পৰিচিত হয়। পৰৱৰ্তী কালত জিতাৰীবংশীষ ধৰ্মপালৰ নাতি সোমপালৰ পোয্যপুত্ৰ প্ৰতাপসিংহই উজনীৰ এই ভূঞাক মাৰি “বৰ ৰাজা” হৈছিল। (কামৰূপ বুৰঞ্জী ২ পৃঃ) নববংশৰ ৰা। ভাস্কৰ বৰ্মনৰ পাচত এই বংশৰ তেজ কমি যোৱাত ৭৭ শতিকাৰ শেষ ভাগত “ক” বংশৰ অভ্যুদয় হয়। বংশই প্ৰায় ১,০০০ অব্দলৈ ৰাজত্ব কৰিছিল। তম্ভবংশৰ দিনত কামৰলৈ কয় আৰু চতুৰ্বেদী ব্ৰাহ্মণ আহাৰ কপা তাম্ৰ শাসনবাৰত পোৱা যায়; কিন্তু এইসকলৰ বংশধৰক চিনিবৰ বৰ্তমানে উপায় নাই। স্তম্ভবংশৰ ৰাজসকলৰ দিনত কামৰূপৰ পশ্চিম খণ্ডত কায়স্থ ঘোষবংশৰ নাম পোৱা যায়। এই সময়ত কামৰূপৰ পশ্চিম খণ্ডক “টেৰ বুলিছিল। মাণিক গাঙ্গুলীৰ ‘ধৰ্মমঙ্গল”ত ঘোষংশৰ কথা তলত লিখামতে পোৱা যায় :-
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৩৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই