কতীয়া গজাত (বোধৰে। পৰবৰ পাৰ হওতে জাও ডুবে। তেওঁ কোনোমতে উৰ হয় কিন্তু কাকত পত্ৰৰব সমন্তে পানীত হয়। অনিক, নিৰুপায়ত পৰি নদীৰ জিলিত ধ্যানমগ্ন হয়। কিছুপৰ পিচত দেখে এটা কাছই কাকতৰ টোপোলা পিঠিত লৈ তেওঁৰ সন্মুখলৈ আহিছে। অনিৰুদ্ধে কাকতবোৰ গ্ৰহণ কৰে; আৰু তেতিয়াৰপৰা তেওঁৰ বংশই কাছ বধ্য বুলি ঘোফ কৰে। বৰ্তমান সময়লৈ অনিৰ বংশধৰসকলে কাছ মাংস ভোজন নকৰে। অনিৰুদ্ধৰ পঞ্চম পুৰুষ পতিতপাবনৰ দিনত কোচৰাজ্য ভাগে। এই সময়ত কিছুদিন গোৱালপাৰা আৰু কামৰূপ মুছলমানৰ হাতত থাকে। পতিতপাবন উজাই আহি কামৰূপৰ বৰনন্দী নামে গাৱত বাস কৰে। অচ্যুতানন্দ - এওঁ পতিতপাবনৰ নাতি; এওঁৰ দিনত কামৰূপ আহোম ৰজাৰ হাতক য য় , আৰু এওঁ বৰনদী অঞ্চলত পাটোৱাৰীৰ কাম লাভ কৰে। কাশৰায় বা ধনপতি :- এওঁ অচ্যুতানন্দৰ নাতি; আহোম ৰজাৰ তলে এওঁ কাকতী হয়। আৰু শিৱসিংহ ৰজাৰপৰা কিছু ধৰ্মোত্তৰ ভূমি গ্ৰহণ কৰে:- ফলি, নকল। [ফলি হেৰোৱাত গুৱাহাটীৰ বৰফুকনৰপৰা তাৰ নকল স্বৰূপ কাকত পায়।] স্বস্তি বনপতি কাগতি প্ৰতি লিখন কাৰ্যঞ্চআগে নামবভাগ পৰণাৰ মধ্যম নদি গ্ৰামৰ তোমাৰ নিজ মিল্লিকৰ বাবদ জমাৰ জোখাৰ উবাৰ উড়িকাজানি নৈৰ কোখত দলানি বাতলি মাটী ৪০ দুই কুৰি পুড়া জমি তোমাৰ মঠঘৰৰ তলে তেল বস্তিৰ অৰ্থে কুশল চিঠি পৰম সুখে ভোগ কৰি থক ইহ মাটিৰ কৰ কাটল পদ পঞ্চক বেঠ বেগাৰ ধুমসি মাড়েসা দণ্ডৱন্ধ জলকৰ জবখ্যৰ হাট ফাট ও গয়ৰহ কোনো বাবে চৌধাৰী পটয়াৰি তালুকদাৰ ঠাকুৰি দিহদাৰ তনপী কোনোজনে তল্প কৰিব পাই এই নিয়মে ধৰ্মৰ পত্ৰকৈ দিয়া গেল ই সন ১২৬৯ সঃ তা ১০ ১৯ ১৮৷ হৰিচন্দ্ৰ, হৰিপদ—ক্ৰমে চৌধাৰী হয়। ২০৷ ৰুদ্ৰপদগুৱাহাটীৰ বোৰাম ফুকনৰ সৰবৰাহকাৰ আছিল। এওঁ শৌলমাৰী, কাসিমপুৰ, বননগৰ, ধমধমা আৰু পানীগাৱত অনেক ভূমি লাভ কৰিছিল। গানীগাওঁ আৰু ধমধমাৰ বাহিৰে আন বোৰ গাৱত এই মাটি বৰ্তমানেও বংশধৰ সৰুলৰ হাতত আছে। বিষ্ণুনাৰায়ণ-নতুন দেহৰ পৰগনাৰ চৌধাৰী আছিল। ইংৰাজ আমোলত এওঁৰ নামতেই এই বংশ ফয়চলা আদি কৰিছিল। ১৯ নাৰায়ণপদ-পশ্চিমাৰ পাটোৱাৰী আছিল। ১৭ দাৰপতিৰ পুত্ৰ নোমায়ণ-ডিম, মদনমোহন আৰু দেৱৰ এই তিনি পৰগশাৰ চৌধাৰ আছিল। এওঁৰ দিনত ঘুমখাট নামৰ নিজ পকোৱা গাৱৰ একখণ্ড পৈত্ৰিক মাটিৰ হৈ কমাৰকুনি গৌৰীচন্দ্ৰ বৰুৱাৰ লগত কাজিয়া হৈছিল আৰু গুৱাহাটীৰ বৰফুকনেদে বদলে তাৰ নিস্পত্তি কৰি দিছিল।
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৩৩০
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/c/ca/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%9A%E0%A7%80%E0%A6%A8_%E0%A6%95%E0%A6%BE%E0%A6%AE%E0%A7%B0%E0%A7%82%E0%A6%AA%E0%A7%80%E0%A6%AF%E0%A6%BC_%E0%A6%95%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%B8%E0%A7%8D%E0%A6%A5-%E0%A6%B8%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A7%B0_%E0%A6%87%E0%A6%A4%E0%A6%BF%E0%A6%AC%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%A4.djvu/page330-1024px-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%9A%E0%A7%80%E0%A6%A8_%E0%A6%95%E0%A6%BE%E0%A6%AE%E0%A7%B0%E0%A7%82%E0%A6%AA%E0%A7%80%E0%A6%AF%E0%A6%BC_%E0%A6%95%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%B8%E0%A7%8D%E0%A6%A5-%E0%A6%B8%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A7%B0_%E0%A6%87%E0%A6%A4%E0%A6%BF%E0%A6%AC%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%A4.djvu.jpg)