গতি।
শক্ত ভৰ কৰি গৈলা হত ভেটিতে নলাৈ খান। ভিটিকে এলা তথাতে নবৈলা ভাটীয়ে মেলিলা নাও। কতেক অহিলা কইতে নাপাৰিলা দিয়াত পাতিলা গাওঁ। দামোদৰ বংশাৱলী। ওপৰত উল্লেখ কৰা দামোদৰৰ বংশাবলীৰপৰা জানা যায়-দীঘলপুৰীয়াৰ চাৰি পুত্ৰ-কাণাই, বলাই, দামোৰ মাধৱ। গোবিন্দগিৰীয়ে কাণাই আৰু বলাইৰ সহাযত বালিগাওঁত ঘৰ কৰে আৰু চাৰিওফালে হাটি-বাটি পাতে। দামোদৰ আৰু মাধৱৰ বয়স নিচেই কম। অনুমান বালিগাৱত বাসকৰ সময়ত এই দুই পুত্ৰৰ জন্ম হোৱা নাছিল; চৰিত্ৰ লিখকে পাচত জন্ম স্বত্বেও গোবিন্দৰ পুত্ৰ দেখি লগতে নাম উল্লেখ কৰি থৈছে। নাৰায়ণ ভূঞাৰ পাচত ভোগীৰথ ভূঞা হয়। কিন্তু তেওঁ বিশ্বসিংহৰ অধীন ভূঞা। বিশ্বসিংহৰ হাতত নাৰায়ণভূঞা ধ্বংস হয়। বিশ্বসিংহই যদিও ভোগীৰথক ভূঞা পাতিলে তথাপি পিতৃ বৈৰী বুলি সম্ভবত ভোগীথে বিশ্বসিংহৰ বিপগে ৰা কৰিবলৈ ঘৰু কৰিছিল; আৰু গোবিন্দৰ লগত মিত্ৰতা কৰিছিল। পাচত দুযোৰে। মই নিমিলাত ক্ষেত্ৰ ৰজা (ভূণ) ভোগীথে তেওঁক তাৰপৰা খেদি পঠায়। গোবিন্দ বালিগাৱত ৰব নোৱাৰি ভটীয়াই যাই ব্ৰহ্মপুত্ৰৰ কোনোবা চাপৰিত বাস কৰে। তাৰ পাচত গোবিল গিৰী উজাই আহি টেহুৱানীৰ শিৰোমণি ভূঞাৰ আশ্ৰযত থাকেহি। কাণাই, বলাই আৰু গোবিন্দ ব্ৰহ্ম পুত্ৰৰ চাপৰিতে ৰ। গুৰু চৰিতৰ মতে এই ঠাইক বাকা বুলিছিল। এই বাংকা ৰংপুৰত বুলি অনুমান হয়। সম্ভবতঃ ই গোবিন্দগিৰীৰ পূৰ্ব পুৰুষৰ ঠাই দীঘলপুৰ। ইয়াক “বিলাত” বুলিছিল বিলাই শৰ সেই অঞ্চলত এতিয়াও আছে—পোৰহিত্য কৰা একোখন ঠাইক বিলাত বোলে। গোবিন্দগিৰীৰ “বিলাত” শব্দৰ পৰা অনুমান হয—এওঁলোক আদিতে ধৰ্মাচাৰ্য আছিল-কামৰূপক আহিহে বালিগাৱত দেশ শাসক হৈছিল। গোবিন্দই ক্ষেত্ৰ ৰজাৰ অত্যাচাৰত সম্ভবতঃ পৰিয়াল বৰ্গক পূৰ্বৰ বিলাততে থৈ উজাই আহে। এই সময়ত দামোদৰৰ জন্ম হব পাৰে। গোবিন্দগিৰীয়ে টেৱানীত কায়স্থ ভূঞাৰ কন্যা মনোৰমাক পুনৰ বিবাহ কৰে। কছাৰী উৎপাটত যেতিয়া ভূঞাসকলে নগাওঁ ত্যাগ কৰে-গোবিন্দ গিৰীয়েও সেই সময়ত তাক এৰি হৰিশিঙা বৰাৰ সহায়ত উত্তৰ লক্ষ্মীমপুৰৰ নাৰায়ণ পৰক আহে। নাৰায়ণ পুৰত লেটেকু পুখুৰী নামে এখন ঠাইত মহাপুৰুষ মাধৱদেৱ আছিল; তাত বাস কৰোঁতেই মাধৱদেৱ পুৰুষৰ জন্ম হয়। তাৰ পাচত গোবিন্দগিৰীৰ “উৰ্বশী” নামে এটি কন্যা জন্মে। উৰ্বশ অলপ ভাঙৰ হলত ৰামদাসত বিবাহ দি গোবিন্দগিৰীয়ে পঙ্গীকে। জোঁৱায়েকৰ লগত ৰৈ মাধৱদেৱৰ লৈতে বাঙুকাতে স্বৰ্গী হয়। মাধৱদেৱ পুনৰ উজাই আহে আৰু মাতৃদেবীৰ লগত থাকে। এমাধৱদেৱৰ পূৰ্বপুৰুষ শাক্ত আছিল এই সময়ত ৰামদাস প্ৰভু শ্ৰীমন্ত শঙ্কৰৰ শিষ্যত্ব গ্ৰহণ কৰি বৈষ্ণৱ হয়। ৰামদাস আৰু মাধৱদেৱৰ ভিতৰত ধৰ্ম সন্ধে মাজে সময়ে তৰ্ক হৈছিল। এদিন তৰ্ক যা