কায়স্থ সমাজ ইতিবৃত্ত। ৰামচৰণ ঠাকুৰৰ বংশৰ কথা। চক্ৰপাণি শকদাৰ-দুৰ্লভনাৰায়ণ ৰজাৰ দিনত এওঁ গৌৰৰপৰা কামৰূপক আহে। চক্ৰপাণিৰ পূৰ্ব পুৰুষ কান্যকুৰপৰা অহা বুলি পূৰ্বৰপৰা কথা চলি আহিছে। চক্ৰপাণিক শিলাত প্ৰাদেশিক শাসনকৰ্তা পাতিছিল। দুৰ্লনাৰায়ণ ৰজাৰ দিনত এওঁ কেইবাখন ৰণত সেনাপতিৰ কাম কৰিছিল। এখন যুঁজত এওঁ পৰে। এওঁৰ সম্বন্ধে দুৰ্লভনাৰায়ণ ৰজাৰ কথা লিখোতে লিখা হৈছে। হৰি কবিৰ সৰস্বতী—এ কেৱল “সৰস্বতীভূঞা” বুলিহে জনাজাত। পিতৃৰ পাচত পিতৃৰ শীকাৰী বিষয় পায়। এই সময়ত দুৰ্লভৰ পুত্ৰ ইন্দ্ৰনাৰায়ণ কামৰূপ-কমতৰ ৰজা আছিল। এওঁৰ দিনত ভোটৰ উৎপাত বেচি হয়। কবিৰ সৰস্বতী এজনা প্ৰখ্যাত কবি আছিল। সম্প্ৰতি এওঁ ৰচনা কৰা “জয়দ্ৰথ বস” আমাৰ হাতত পৰিছে। ৰজা দুৰ্লভনাৰায়ণৰ কথা লিখোতে এই পুথিৰ পদ উল্লেখ কৰা হৈছে। প্ৰবাদ-সৰস্বতী ভূঞাই দেশ-শাসন কৰোঁতে ব্ৰাহ্মণৰ ওপৰ উৎপীণ হয়। ব্ৰাহ্মণসকলে অসন্তুষ্ট হৈ তেওঁৰ বংশচ্ছেদ হওক বুলি অভিশাপ দিয়ে। সৰস্বতী ভূঞাই পাচত ক্ষমা খেজাত ৭ম পুৰুষৰ পাচত অভিশাপ ফলিব বুলি কয়। কমতাৰ দুৰ্লভ ৰজাৰ মৃত্যুৰ পাচত হৰিপাল আৰু ৰামপালে ক্ৰমে স্বাধীনভাৱে ভূঞালি কৰে। জয়পালৰ দিনত কমতাৰ খেনবংশী ৰজাই কামৰূপ অধিকাৰ কৰে। কৃষ্ণপাল বা গোপালৰ দিনত বিশ্বসিংহ অত্যুদয় হোৱাত এওঁ কোচৰ অধীন হয়। গয়পাল বা গয়াপাণি—এওঁ বেদজ্ঞ পণ্ডিত আছিল। এওঁৰ গাত পূৰ্ব বাহ্মণৰ অভিশাপ ফলিব বুলি সন্ন্যাস ধৰ্ম গ্ৰহণ কৰি তীৰ্থ পৰ্য্যতন কৰি ফুৰে। প্ৰক্ষেত্ৰত বাস কৰোঁতে এওঁক জগন্নাথ প্ৰভুয়ে স্বপ্নাদেশ কৰে—“তুমি হৰিঙক্তি পৰায়ণ আৰু সত্ত্বগুণৰ বশ্য; তোমাৰ মনোবাঞ্চা পূৰ্ণ হব, তুমি পূৰ্ব দেশক যোৱ॥ তত হৰি শ্ৰীশঙ্কৰৰূপে অৱতাৰ হৈছে; তেওঁৰ সঙ্গলাভ কৰি পৰম সন্তোষ পাবা।” গয়পাল তীৰ্থযাত্ৰী কিছুমান ব্ৰাহ্মণৰ সৈতে অসম-কামৰূপক আহে আৰু ধুঞাহাটত থকা শ্ৰীমন্ত শঙ্কৰক লগ ধৰে। গয়পালে প্ৰভুৰ লগত প্ৰথমে বাদ কৰে, পাচত প্ৰভুৰ শিষ হয়। প্ৰভুৰ আদেশ মতে গয়াপালে সন্ন্যাস ত্যাগ কৰি গৃহাম ধৰ্ম গ্ৰহণ কৰে। গয়াপালৰ নাম প্ৰভূৱে ৰামদাল থয়। ৰামদাস প্ৰভুৰ লগে লগে কুৰে। ৰামদাস নাম-ধৰ্মত বৰ অসক্ত আছিল। এদিন ভাওনা কৰোঁতে তেওঁ প্ৰদৰ ভাও লৈ সঁচাকৈয়ে অগ্নিকুণ্ডত জাপ দি পৰিছিল; পাচৰ দিনা ৰাতিপুৱা তেওঁৰ গা ৰঙা পৰিছিল কিন্তু পোৰা বা জলফুটা ন ছিল। ৰামদাসৰ কথা মতেই শ্ৰমাধৱদেৱে প্ৰভুৰ লগত সাক্ষাত কৰে আৰু তেৰাৰপৰা ধৰ্ম গ্ৰহণ কৰে। ৰামদাসৰ ৯ টি সন্তান হৈ মৰাত পূৰ্বৰ ব্ৰাহ্মণৰ অভিশাপ ফল বুলি তেওঁৰ পত্নী উৰ্বশীদেবী কাল কাটা কৰে। তাৰ পাচত ৰামচৰণ ঠাকুৰৰ জন্ম হয়। ৰামদাস আতা প্ৰভু শ্ৰীমন্ত শঙ্কৰৰ লগত শেষ বয়স: পাটবাউসীত বাস কৰিছিল।
৩৬