কায়স্থ সমাজৰ ইতিবৃত্ত। ইয়াৰ পাচত ঠাকুৰ বৰনগৰলৈ আহি ঠাকুৰ চৰিত্ৰ লিখক বিদ্যানন্দৰ ঘৰত থাকে; তাৰ পাচত বৰপেটা, সুন্দৰীদিয়া আদি ঘূৰি বিষ্ণুপুৰক আহে। ইয়াৰ পাচত ১৫৫৮ শকত আৰু চালামে আসাম আক্ৰমণ কৰে, আৰু লগতে বিষ্ণুপুৰ জুই লগাই দি পোৰ। ১৫৫৯ শকত বৰনদীয়েই মোগল ৰাজ্যৰ সীমা নিৰ্ধাৰিত হয়, তেতিয়া গোৱালপাৰা কামৰূপত শান্তি হয়। কিছু দিন পাচত মোগল নবাবে ঠাকুৰৰ ওপৰত অত্যাচাৰ কৰে, ঠাকুৰে বহুত টকা ভৰিহে ৰক্ষা পৰে- “কল্পতৰু লগাহলেক মিৰাৰ আগত। ব্যৱসা বাণিজ্য কৰে যতেক ভকত। শুনিয়া মোগলে পাছে আতক নিলেক। কিছু টঙ্কা লৈয়া পুৰু বিদাষ দিলেক॥৩৮৯” দ্বিজ বিদ্যাই ওজা। এই সময়ত ঠাকুৰৰ কন্যা সুভদ্ৰা আইৰ ন বছৰ হয়; ঠাকুৰে ৰামদেব ওৰফে যদু বৰুৱাত বিয়া দিয়ে। তাৰ পাচত বিহাৰত থাকা গোবিল আতৈয়ে ঠাকুৰক বিহাৰক মাতি নিয়ে আৰু তেওঁৰ দ্বাৰা কুমাৰক • ৭ কৰাষ। বিদ্যানন্দ দ্বিজে ঠাকুৰ চৰিতত লিখিছে :- “ৰাজাৰ কুমাৰে থোক্তে শৰণ লৈবেক। আসিয়ো আপুনি আমি নোৱাৰোহু তাক।” ১৯৭ এই সমযত মহাপুৰুষ শ্ৰীমাধবদেৱৰ আজ্ঞাপৰ আচাৰ্যসকলে মহাপুৰুষ শ্ৰীমাধৱদেৱক “মহাপুৰুষ” লৈ ধৰে; আৰু লগতে প্ৰভু শ্ৰীমন্ত শঙ্কৰৰ লগত অভেদ বুলি ঘোষণা কৰে। তেতিয়া ঠাকুৰে কয়— “শঙ্কৰক গুৰু বুলি আছে যিটোজন। কিসক বুলিব সিটো অদে বচন। বিদ্যানন্দ (দিজ) X X “শঙ্কৰদেৱেসে গুৰু জানা সাৰে সাৰ। মহাপুৰুষত পৰে গুৰু নাহি আৰ।” ৪৪৬ পৰবৰ্তী কালত এই কাৰণেই শ্ৰীমাধৱদেৱ পুৰুষৰ আজ্ঞাপৰ সকলক নিকাপথীয়া আৰু ঠাকুৰ দুজনাৰ অ'জ্ঞাপৰসকলক “ঠাকুৰীয়া” বুলিবলৈ ধৰে। ইয়াৰ ফলতেই বৰ্তমানে বৰপেটা, কমলাবাৰী আদি সত্ৰৰ বিছমান কথা বৰদোৱা, কোৱামৰা আদিৰ লগত অমিল দেখা যায়। “নিকাপখীয়া,” “ষ্ঠাকুৰীয়া” উপাধি দুটাৰ সৃষ্টিৰ পাচতহে “কামোদৰী” আৰু “হৰিদেৱী” উপাধিৰ উৎপত্তি হয়। ' চতুৰ্ভুজ ঠাকুৰ কিছুদিন বিষ্ণুপুৰত থাকি মাতৃদেবীৰ অস্থি গঙ্গাত লগাবলৈ তীৰ্থ যাত্ৰা কৰে। এইবাৰ ঠাকুৰৰ লগত তিনি শ ভকত গৈছিল। বিদ্যানন্দৰ মতে এইবাৰ ঠাকুৰ ঘুৰলা, ঘিলানগৰ, সোণকোষ
- পাটচাৰ ফৌজে বিষ্ণুপুৰক পৰিল।
সৰ্বৰ পাইলেক মানে লুড়ি কৰি নিল। বিদ্যাই ওজা (বিজ) ৫ পুৰুষ সংহতি, কালসংহতি, ব্ৰহ্মসংহতি আদি আৰু পাচত তৈয়াৰ হোৱা।