১৩২ কায়স্থ সমাজৰ ইতিবৃত্ত। 1
ৰাজদত্ত ভূমিৰ (বৃটিচ আমোলত নিম্পিখেজত পৰিণত হোৱা) ওপৰত নিৰ্ভৰ কৰিয়েই চলাবলৈ ধৰে; ইবিলাকে ওচৰ কাৰৰ ২৪ ঘৰ মানুহৰ বাহিৰে আন কাৰৰপৰা একো সহায নাপাইছিল। ইয়াৰ ফলত অতি অল্প দিনৰ ভিতৰতে এইসকলৰ অৱস্থা দুখ লাগা হয়। বিষয়াসকলে বেচি দিন তম্ভিব নোৱাৰিলে। ইবিলাকৰ প্ৰথমে অৱস্থা বেষা হৈ আহে, আৰু তাৰ পাচতেই বিষয যাবলৈ ধৰে। এই সন্ধে নাৰায়ণ গোমথাৰ বংশাৱলীত অলপ আভাস দিযা হৈছে। ধৰ্মাধিকাৰসকলৰ অৱস্থাও খৰচ বহুলতাৰ কাৰণে বেয়া হৈ আহে। এওঁলোকে আগেযে অহোম ৰাজাঘৰৰপৰা, ৰাজ বিষয়াৰপৰা আৰু অন্যান্য শিষ্য-প্ৰশিষ্যৰপৰা অযাচিত ভাৱে যথেষ্ট পৰিমাণে সহাম পাইছিল; ৰাজদত্ত ভূমিৰপৰা যি আয় হৈছিল— সি অন্যান্য কামৰ বাবে সঞ্চিতহে হৈছিল; বৃটিচ আমোলত তেওঁলোকে ৰাজদত্ত ভূমি আৰু সাধাৰণ শিষ্যৰ ওপৰত নিৰ্ভৰ কৰিব লাগা হোৱাত, প্ৰাপ্তিৰে উৎসৱাদিৰ খৰচো নচলা হৈ আহে। প্ৰাচীন কাষস্থ বিষয়া আৰু ধৰ্মাধিকাৰসকলৰ কিছুমানৰ বংশ বৃদ্ধিৰ লগে লগে পূৰ্বপুৰুষৰ আৰ্জিত স্থাবৰ অস্থাবৰ সম্পত্তি ভাগ হোত, আৰু পৰৱৰ্তীকালৰ বংশধৰসকলে নতুনকৈ সম্পত্তি উপাৰ্জন কৰিব নোৱাৰাত পূৰ্ব সম্পত্তি কমি যা আৰু কিছুমানক দৰিদতাই অ গুৰি ধৰে। “কাম নথকা মানুহৰ মন ভূতৰ বাহ হয়।” ভগ। বিষয়াসকলৰ অবস্থাও তদ্ৰুপ হৈছিল। বেচি ভাগৰ কাম নাছিল— কিছুমানে নিজৰ ঘৰত বা পৰৰ ঘৰ ৩ বহি ২|৪ • নিৰ্ম। লোকৰ লগত বহি পূৰ্ব পুৰুষৰ গৌৰৱৰ কথা কৈ ঘৰতে নিজক ডাঙৰ বোলাহ আৰু চৰ যাৰ আন কম লোকক নানা নিন্দ। কবি কাল কটাইছিল। বৰ দুখৰ কথা প্ৰাচীন বংশৰ বিষয়। আৰু ধৰ্মাধিকাৰসবলে। ইয়াৰপৰা বাদ পৰা নাছিল। বৰ্তমানেও ইয়াৰ অন্ত পৰা নাই। ইয়াৰ ফলতেই এই জাতি কমে নিৰ্ম। হৈ পৰে; আৰু পৰৰ নিন্দ। বাদ কৰোতে কৰোঁতে এওঁলোক বতমান যুৰি কম চৰি এবান নতুন নতুন বংশৰ চক্ষুৰ হুল হৈ উঠে। এইদৰে কযস্থ ধৰ্মাচাৰ্য আৰু ভা! বিষয়াৰ বেচি ভাগ আত্মকলহ, পৰচৰ্চাত ৰত থকাত, আৰু বি কেইঘৰ সামান্য বিষয়। আছিল তাৰে। বেচি ভাগে অভিমানত অভিভূত থাকা অবস্থাত তেওঁলোবে নতুন সভ্যতাৰ পোহৰলৈ দৃষ্টি কৰিবৰ অবসৰ নাপালে; অন পিনে অন্যান্য সমাজৰ লোকে নতুন পোহৰ দেখি আৰু সাম্যবাদৰ নতুন প্ৰেৰ পাই সময়োপযোগী শিক্ষা মন দিলে; ইয়াৰ ফলতেই প্ৰাচীন কামৰূপী কায-ভূঞৰ বংশধৰসকলে আজি সমাজ ও নিঙৰ ঠাই বিচাৰি উলিয়াব পাৰা নাই; নহলে বৃটিচ আমোলৰ আৰম্ভতে এই কাষস্থসকলৰ যিমান স্থাবৰ সম্পত্তি পাকাৰ প্ৰমাণ পোবা যায় আৰু যিমান অস্থাৱৰ সম্পত্তি থাকা বুলি শুনা যায়, তাৰ বলত এই জাতিযে নতুন শিক্ষাত পৰিপক্ক হৈ আজিও শীৰ্ষস্থানত শোভা কৰিব পাৰিলেহেঁতেন। যি সমাজত প্ৰভু শ্ৰীমন্ত শঙ্কৰ আবিৰ্ভাব হৈ “ব্ৰাহ্মণ-চণ্ডালৰ নিবিচাৰি জাতি কুল” সকলোকে সম দৃষ্টি কৰি সবাকে এক সূত্ৰে বান্ধাৰ ব্যৱস্থা কৰিছিল, সেই সমাজৰ লোকে সেই মন্ত্ৰকে লৈ “চুবি চুবি” বুলি জপিয়াই ফুৰোঁতে আজি বহুতৰ হাত ঠেং ভাঙি পঙ্গু হব লগাত পৰাত, তেওঁলোক সকলোৰে হাঁহিযাতৰ পাত্ৰ হব লাগাত নপৰিলহেঁতেন; ইতকৈ সমাজৰ কি অধঃপতন হব পাৰে “যোগ্যৰ উন্নতি, অযোগ্যৰ অধঃপতন;” ই সাৰৰ নীতি; যোগ্যবানে অকৰ্মন্যক দূৰ কৰি ভগবানৰ ৰাজ্যত নিজৰ প্ৰতিষ্ঠা স্থাপন কৰিবই—আৰু অযোগ্যবিলাক ক্ৰমে নিৰ্মল হব—ই জগতৰ নিত্য ঘটনা। জগতৰ এই নীতিৰ কাৰণেই কামৰূপৰ বহুত প্ৰাচীন উচ্চ কায়স্থবংশৰ আজি নাম প্ৰৰ্যন্ত লোপ কাছে। .