পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায় সমাজ ইতিবৃত্ত। আৰু ভাতৃ আদিয়েও শিষ্যসকলৰ লগত ভাওনা কৰে। গুৰুৰ পুত্ৰ নতুৱা হোৱা আৰু গুৰু পাৰ হোৱা আমি নিজে দেখিছে। গুৰুসকলে কোনো কোনো সময়ত অন্য গাৱতত ভাওনা কৰিবলৈ শিক্ষা দিযে। ভকতসেৱা বা চাউল খুউৱা শিষ্যই কোনো কোনো সময়ত ভকতসেৱা পাতে। শিষ্যই ভোজনৰ সম্ভাৰ গুৰুঘৰত দিযেগুৰুৱে সিজাই নিমন্ত্ৰিত ভক্তসকলক দিয়ে। গুৰুয়েও ইয়াৰ লগতে ভোজন কৰে। এইটো মধ্য অসমৰ চাৰি- ১ ণীযা গোৰ্সাইঘৰৰ প্ৰথা—আমি নিজে দেখা। উজনিৰ অন্যান্য গুৰুঘৰতত তেনে ভাৱে চাউল খুউৱা পাতিব পাৰে। কোন সময়ত বহুত শিষ্যে গোট পাই নামঘৰত গুৰুক নিমন্ত্ৰণ কৰি নি চাউল খুউৱা পাতে। গৃহস্থী ঘৰত চাউল খুউৱা পাতিলে গুৰুক নিমন্ত্ৰণ নকৰে। উজনিৰ চাৰিসত্ৰৰ বাহিৰে অন্যান্য সত্ৰৰ গুৰু আৰু শিষ্যসকলৰ ঘনিষ্ট সম্বন্ধ বেচিবিশেষ ভাওনাত কৃষ্ণলীলা আদি দেখুৱাওঁতে ৰু-শিষ্যৰ ভিতৰত এটা অতি নিকট সম্বন্ধ ঘটা দেখা যায়। উজনিৰ চাৰিসত্ৰতো ভাওনা আদি হয়। এই ভানা উদাসীন ভক্তসকলে কৰে। কোনো কোনো চোলাইএ নাট আৰু গীত ৰচনা কৰি দিছিল কিন্তু ভাও লোবা শুনা নাই। কিন্তু মধ্য অসমৰ চাৰি- ১ না। গোইসকলে ভাওনাত অতি প্ৰাচীন বালৰপৰা ভাও লৈ থাক। প্ৰমাণ পোৱা যায। নৰোবাৰ • «দৰ আতাৰ পুত্ৰ ৰমাকান্ত আতাই ভাওনা কৰা সম্বন্ধে ঠাকুৰ চৰিতত আছে :- “তাল ধৰি কতো গীত আপুনি গাৱন্ত। বেহাৰ ৰাসত তান ভাৱ উপজন্ত। গোপ সঙ্গে কৃষ্ণ যেন নাচন্ত ঠাকুৰ। দেখা লোকৰ অতি আনন্দ প্ৰচুৰ। উৎসৱ সমযে খোল আপুনি বজান্ত। সমস্ত ভকতে তাল ধৰি গুণ গান্ত। কৃষ্ণম হুয়া নাচ ঠাকুৰ কৰন্ত। কৃষ্ণলীলা বিনে আন কিছু নানন্ত। ভকতে কয় উঠি কীৰ্তন যেখন। মাজে পশি ঠাকুৰৰ উৎসৱ তেখন। বতে হবহকি কৰি উমি উথল। প্ৰেমৰসে ধৰণীত পৰি বাগৰয। সমস্ত ভকতে তাঙ্ক বেঢ়ি গুণ গাবে। আপোনাকো পাসৰি থকন্তু প্ৰেম ভাৱে॥ ৪৯৯ ঠাকুৰ চৰিত—দ্বিজ হৰিনাৰায়ণ আতা। ৰমাকান্ত অতািৰ পুত্ৰ ৰামচন্দ্ৰ দেৱ (ঠাকুৰ); এই বিষয়লৈ পিঠি দি একান্ত ভাৱে হৰি-কীৰ্তন মও আছিল আৰু অতি সুন্দৰকৈ ভাওনা কৰিব পাৰিছিল। শাক্ত শিৱসিংহ ৰাজাই ঠাকুৰৰ গুণাৱলীত

১৬