পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। খিতম ভক্ত-শিষ্য স্বৰ্গী হলে গুৰুসকলে সৎকাৰৰ পৰামৰ্শ দিয়া কৰ্তব্য বুলি ভাবিছিল—কোনো ঠাইত ও উপস্থিত আছিল বুলিও শুনা যায়। শিষৰ কোনো প্ৰকাৰৰ অসুখ হলে, কোনো শিষ্য বিপদত পৰিলে গুৰুৱে শিষ্যক নানা ভাৱে সহায় কৰিছিল। ওচৰৰ শিয্যে কন্যা বিয়া দিয়া, বিয়া কৰোৱা আদি বিষয়ত গুৰুৰপৰা পৰামৰ্শ গ্ৰহণ কুৰিছিল। মুঠতে গুৰঘৰ শিষ্যসকলৰ উমৈহতীয়া ঘৰৰদৰে আছিল—গুৰুৱে সমস্ত শিষ্যকে এটা পৰিয়াল বোধ কৰিছিল। বৰ দুখৰ কথা নামনি অঞ্চলৰ এই গুৰু-শিষ্যৰ সম্বন্ধ লাহে লাহে কমি আহিছে। ইয়াৰ কাৰণ আমি যিবোৰ অনুমান কৰিছে পাচত প্ৰকাশ কৰিবলৈ যত্ন কৰিম। ৫ উজনিৰু-শিষ্যৰ সন্ধ। উজনিৰ সত্ৰবোৰ দুই ভাগত ভগাব পাৰি—(১) চাৰিসত্ৰ আৰু অন্যান্য সত্ৰ। চাৰিসত্ৰক আমাৰ সাধাৰণ মানুহে “ৰজাসত্ৰ” বোলে। ৰাজঘৰীয়া চলন-ৰণৰ ৰীতি কিছু পৰিমাণে এইবোৰত চলা বাবেই সেই নাম হোৱাৰ সম্ভৱ। আহোম ৰাজাৰ কোনো কোনোৱে এই গোসইসকলৰপৰা শৰ-মম্ব লোৱা আৰু লগে লগে তেওঁবিলাকৰ সম্পত্তি বঢ়াত তেওঁলোকৰ মান বাঢ়ে আৰু আনুসঙ্গিক চলন-ফুৰণৰ প্ৰণালীও ওখ খাপৰ হৈ উঠে। চাৰিসত্ৰীয়া গোৰ্সইসকল প্ৰাযে বেৰে ফুৰে; যি যি ঠাইত থাকে তাত শিষ্যসকলে ঘৰ সাজি দিয়ে—এই ঘৰক বাহৰ কোৱা হয়। বাহৰ নামঘৰ-মণিকুট, শোৱনীঘৰ, চ’ৰাঘৰ (বহাঘৰ), ভৰালঘৰ, গাধোৱাঘৰ, ভকত থাকা ঘৰ, আলহীঘৰ, পাইখান। আদি পৰ্যন্ত তৈয়াৰ হয়; আৰু ই এখন সৰু নগৰৰদৰে হৈ উঠে। গুৰু সত্ৰত বা বাহৰত থাকিলে দূৰৰপৰা যোৱা কোনো শিয্যে পোনে পোনে গুৰুৰ ওচৰত উপস্থিত হব নোৱাৰে; পাচনী ভকত আদিক অৰিহনা পাতি কৰি সিবিলাকৰদ্বাৰা গুৰুৰ আদেশ অনাব লাগে আৰু পাচত নিৰ্ধাৰিত সময়তহে গুৰুৰ সমুখ হব পাৰে। গুৰুক বেচি ভাগেই চৰণ চুই সেৱা কৰিবলৈ নাপায়, দূৰৰপৰা দৰ্শনি দি সেৱা কৰিব—গুৰুৱে দৃষ্টি কৰিব; লগত যোৱা ভকতে শিষ্যক পৰিচয় কৰাই দিব; বিশেষ পৰিচিত শিষ্যৰ লগত গুৰুৱে ২১ আষাৰ মঙ্গলমঙ্গলৰ কথা পাতিব, কিন্তু অধিক ভাগে গুৰুৰ আশীৰ্বাদও শুনিবলৈ নাপায়। চাৰিসত্ৰীয়া গোৰ্সইসকলৰ বিশেষকৈ আউনিআটি আৰু দক্ষিণপাট সত্ৰৰ মাটি বাৰী সৰহ আৰু শিষ্য বিলাকৰ কৰ-বৰঙনি আদায় কৰিবলৈ শিষ্য পাকা গাওঁবোৰ কেইটামান ভাগত বিভক্ত আছে। প্ৰতি ভাগক চহৰ বোলে। একোখন চহৰ একোজন প্ৰধান ভকতৰ জিম্মাত ৰাখিছে। বছৰে বছৰে সেই সেই ভকত নিজ নিজ চহৰলৈ যায় আৰু তাৰপৰা মাটিৰ খাজানাৰ দৰে শিষ্যৰ কৰ বৰঙনি আদায় কৰে। বৰঙনিৰ একোটা নিৰিখ আছে; বেচি ভাগ ঠাইত শিষ্যই গুৰুলৈ এটকা আৰু চহৰীয়া ভকতক চাৰি অনাকৈ পইচা আৰু কিবা এটা নিৰিখে চাউল দিব লাগে। ইয়াকে গুৰু কৰ বোলে। কোনো শিষ্য সত্ৰলৈ আহিলে পোনতে চহৰীয়া ভকতৰ ওচৰত উপস্থিত হয়। এই ভকতে সেই শিষ্যসকলক পোনতে শোধ- পোচ কৰে। গুৰু-দৰ্শন হোৱাৰ পাচত চহৰীয়া ভকতে গুৰুৰ ভৰালৰপৰা সিধা পাতি অনাই তেওঁলোকক দিয়ে। এই ভকতসকলৰ বেচি ভাগেই “মেধি বাৰ পায়। অৰ্থাৎ দুৰৰ শিষ্য কিছুমানক গুন গনি