৮৮ কায়স্থ সমাজৰ ইতিবৃত্ত। ভিতৰত বহুত গ্ৰন্থকাৰ আছিল; আমাৰ প্ৰাচীন পুথি যিবোৰ আছে তাৰ সৰহ ভাগ কায়সকলে ৰচনা ল। বহুত কায়স্থে সঁচীপাত তৈয়াৰ কৰা, ৰং দিয়া আৰু পুথি নকল কৰা কামতো পৈণত আছিল। যাক কায়স্থবিষয়াই জ্যোতিষ কিছু কিছু জানিছিল। ইত কায়স্থে ঘৰত বহি নানা শিল্পৰ কাম কৰিছিল। কিছুমানে কাঠৰ কাম আৰু কিছুমানে বাঁহৰ কাম এনে চকুত লাগাকৈ কৰিছিল, যে তাৰ বাবে তেওঁলোকে বহুতৰপৰা প্ৰশংসা লাভ কৰিছিল। প্ৰায় সকলো কাস্থবিষযাই ৰোগৰ চিকিৎসা জানিছিল; ৰোৰ্গীৰ শুশ্ৰুষা, থ্যাদিৰ ব্যৱস্থা, আনু- ৰিক আৰু সৰু সৰু নিদানিক ঔষধ পাতি জানিছিল আৰু সেইবোৰ নিজে তৈয়াৰ কৰি ৰাখিছিল। ইয়াৰ উপৰি কিছুমানে মন্ত্ৰও জানিছিল; অৱশ্যক মতে এই মন্ত্ৰেৰে জাৰি ৰোগ গুচাইছিল। কায়স্থ বিষয়াসকলে যত বাস কৰিছিল তাৰ চাৰিওফালে হিন্দুৰ নানা জাতিক ভাগ ভাগকৈ পতিছিল আৰু সেইবিলাকৰ লগত এক পৰিয়ালৰ দৰে প্ৰীতিৰ ব স কৰিছিল। বিযাৰ সুখ-দুখে ওচৰ চুবুৰীয়াৰ সুখ-দুখ আৰু ওচৰ চুবুৰীয়াৰ সুখ-দুখেই বিষয়াৰ সুখ-দুখ অছিল। অন কি বিষয়াৰ কন্যা এটি বিষা দিবৰ সময়তে ওচৰৰ লোকক মাতি তেওঁলোকৰ পৰামশ লৈহে ঠিক কৰিছিল। সেইদৰে বিষয়াৰ আশ্ৰিত লোকসকলেও বি-বাৰুত বিষৰ 'ৰামশ গ্ৰহণ কৰিছিল; আন কি কোনো লে'কে বিষ। কৰাই আহি বৰ-কন্যা উভয়ে বিষয়াৰ আশীৰ্বাদ লৈহে আনন্দ পাই ছল। বিষযাই গাওঁখন নগৰৰ দৰে আলি-পদূলি, পুখুৰী আদি দি চকুত লগ কৰি ৰাখিছিল। ইয়াৰ উপৰিও বিষযাই তেওঁৰ এলাকাব ভিতৰত থাকা গাৱৰ যাতাযাইৰ সুবিধাৰ নিমিত্তে আলি, জান আৰু পানীৰ অভাৱ গুচাবলৈ পুখুৰী আদিৰ ব্যৱস্থা কৰিছিল। কথিত আছে—চাকুচিৰ বুজৰবৰুৱা ঘৰে তেওঁৰ এলাকাত এক কাওণ পুখুৰী খাইছিল। বৰ্তমানেও ওচৰ কাৰ৩ ২০২৫ টা পুখুৰীৰ কম নহব। আহোমৰাজাৰ দিনৰ বিষয়াৰ ভিতৰত চাকুচি, মাখিবাহ, মনাহকুচি আদিত গাওঁ সংগঠনৰ যি অশেষ আছে তাক দেখিলেই পুৰৰ বিষয়াৰ গাওঁ-সংগঠনৰ অভাস পোৱা যায়। চাকুচিত সোমালে এৰিও ৰাৰ নগৰত সোমোৱা যেন লাগে। সকলো কাস্থৰ গোইঘৰ আছিল , বৰ্তমানেও প্ৰায়বিলাকৰে আছে। কায়স্থবিষযাই ডাঙৰকৈ নামঘৰ বান্ধিছিল, আৰু বেচি ভাগ নামঘৰব মণিকুআছিল। কায়স্থবিষযাৰ নামঘৰলৈ ওচৰ কাৰৰ সকলো মানুহ সন্ধ্যাপৰত আহি লগ লাগি নাম-কীৰ্তন কৰিছিল। ই এক প্ৰকাৰ সত্ৰৰ ব্যৱহাৰৰ দৰে চলিছিল। এওঁলোকৰে। পাঠক, দেউৰী, মেধি, পূৰিী আদি বাবৰ লোক আছিল; আৰু প্ৰত্যেকে নামঘৰত খাটাৰ হৈ বিষয়াৰপৰা নিৰ ভূমি খাবলৈ পাইছিল; বৰ্তমান সময়লৈকে কোনো কোনো ঠাইত এইদৰে কিছুমানে বিষষাক দিযা পূৰ্বৰ ৰাজদত্ত ভূমিৰ অলপ অলপ ভোগ কৰি আছে। প্ৰাযবিলাক বিষয়াই বিগ্ৰহ স্থাপন কৰিছিল। তেওঁলোকৰ কোনোৱে বিগ্ৰহৰ লগত শাস্ত্ৰও ৰাখিছিল। পৰৱৰ্তী কালত কিছুমানৰ অৱস্থা বেয়া হোৱাত বিগ্ৰহ গোৰ্সইখোওৱাক (জাৰীক) কেৱল থাকে ৰাখিছে। সকলো কাষস্থই নিজৰ গোসইঘৰত নিত্য-প্ৰসঙ্গ কৰিবলৈ বাধ্য আছিল , আৰু দুই বেলা ঈশ্বৰ উপাসনা নকৰাকৈ অনুগ্ৰহণ নকৰিছিল। বৰ্তমানেও এই নিয়ম বহুতৰ ভিতৰত আছে। কায়স্থসকল আচাৰনিষ্ট আছিল; বেলা মান, উপাসনা, ব্ৰাহ্মণ-দেৱতাসকলৰ প্ৰতি সম্মান, ওচৰ চুবুৰীয়াৰ প্ৰতি ভাতৃ ভাব আৰু খাবৰ পৰত পদুলি ওলাই অতিথি অপেক্ষা কৰা কিছুমানৰ
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১১০
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই