পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

মুখবন্ধ।

 পৃথিবীৰ সকলো মানুহ এক মানৱ জাতিৰেই অন্তৰ্ভূক্ত; কেৱল শৰীৰৰ আকৃতি, গঠন আৰু বৰণ অনুসৰি এই এক মানৱ জাতিয়েই আৰ্য্য, মঙ্গোলীয়ান, দ্ৰাবিৰিয়ান আদি বিভিন্ন জাতি নাম পাইছে। ইয়াৰ উপৰি ধৰ্ম অনুসৰিও মানুহ বেলেগ বেলেগ সমাজত বিভক্ত হৈছে। আৰ্য্য ঋষি-মুনিয়ে আমাৰ আৰ্য্য হিন্দুসকলক ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শুদ্ৰ চাৰি বৰ্ণত ভাগ কৰিছে। কায়স্থসকল এই ক্ষত্ৰিয় বৰ্ণৰে। মসিজীৱী ক্ষত্ৰিয়সকলেই পৰবৰ্তী কালত “কায়স্থ” নামে পৰিচিত হয়।

 প্ৰাচীন কামৰূপ ৰাজ্যত অতি প্ৰাচীন কালৰপৰাই আৰ্য্যসকলৰ বসতিৰ প্ৰমাণ পোৱা যায়। কিন্তু ৭ম শতিকাৰ পৰাহে ইয়াত কাষস্থসকলৰ নাম পোৱা যায়; ইয়াৰ আগতে বোধ হয় আমাৰ এই দেশত কায়স্থসকল “ক্ষত্ৰিয়’ বুলিয়েই পৰিচিত হৈছিল।

 ১,০০০ খৃষ্টাব্দৰ পাচৰপৰা কামৰূপত বায়স্থ বৰ্ণৰ নাম বেচিকৈ ফুটি উঠে; সম্ভৱতঃ এই সময়ৰপৰাই আমাৰ দেশত কায়স্থসকল এটা সুকীয়া শ্ৰেণীৰ ক্ষত্ৰিয় বুলি পৰিগণিত হৈছিল; কিন্তু “ক্ষত্ৰিয়” শব্দটো তেওঁলোকে পঞ্চদশ শতিকালৈ ব্যৱহাৰ কৰি থকা প্ৰমাণ পোৱা যায়। চতুৰ্দশ আৰু পঞ্চদশ শতিকাত পশ্চিম ফালৰ পৰা অহা “কায়স্থ ক্ষত্ৰিয়”সকল পূৰ্বদেশলৈ আহি বৰ্তমান কামৰূপৰ ব্ৰহ্মপুত্ৰৰ উত্তৰকুলত পোনতে বাস কৰোঁতে ইয়াৰ নাম তেওঁলোকে “ক্ষেত্ৰীভাগ” ৰাখিছিল; আৰু সেই কালৰ কবিসকলে তেওঁলোকৰ অমৰ কবিতাত কায়স্থসকলক “ক্ষেত্ৰীভূঞা” বুলি পৰিচয় দিছিল। এই কায়স্থ ক্ষত্ৰিয়সকলে পৰবৰ্তী কালত যেতিয়া ৰাজ্য শাসনৰপৰা বঞ্চিত হৈ অসি এৰি সম্পূৰ্ণ ভাৱে মসি আৰু ধৰ্মচৰ্চাত মন দিলে তেতিয়াৰপৰাই তেওঁলোক “কায়স্থ” বুলিয়েই পৰিচিত হয়; বোধ কৰোঁ এই কাৰণেই শ্ৰীমন্ত শঙ্কৰদেৱে তেওঁৰ ৰচিত অমূল্য গ্ৰন্থবোৰৰ ভণিতাত “কায়স্থ শঙ্কৰ” বুলি নিজক পৰিচয় দি গৈছে।

 প্ৰাচীন কামৰূপীয় কায়স্থসকলৰ ভিতৰত কিছুমান স্বাধীন নৰপতি আছিল। এইসকলৰ ভিতৰত দুৰ্লভনাৰায়ণ, ধৰ্মনাৰায়ণ, তাম্ৰধ্বজ, আৰিমত্ত আদি প্ৰধান। চণ্ডী, শ্ৰীধৰ, শ্ৰীপতি, প্ৰতাপখাঁ, লোহাবৰ আদি ভূঞা, টঙ্কপাণি জ্যেষ্ঠ কায়স্থ, চন্দ্ৰগিৰী আদিৰ বংশধৰ সকলো সময়ে সময়ে স্বাধীন নৰপতি বুলি পৰিগণিত হৈছিল। এই সকলক ৰাজপুত সামন্ত ৰজাসকলৰ লগত কিছু পৰিমাণে তুলনা কৰিব পাৰি। দেশত যেতিয়া বলৱন্ত ৰজাৰ অভাৱ হৈছিল, তেতিয়াই ভূঞাসকল স্বাধীন হৈ বহিছিল আৰু শক্তিশালী ৰজাৰ অভ্যুত্থান হলেই তেওঁলোক সেই ৰজাৰেই ব্যৰ্থতা স্বীকাৰ কৰি প্ৰাদেশিক শাসনকৰ্তাৰূপে চলিছিল; বিশেষকৈ জিতাৰি আৰু কোচ বংশৰ অভ্যুদয়ত ভূঞাসকলৰ এই অৱস্থা ঘটা প্ৰমাণ পোৱা যায়। আফগান, মোগল আৰু আহোমৰজাৰ অধীনত বেচি ভাগ ভূঞাই একোটা উচ্চ বিষয় লৈ তেওঁলোকক শাসন-কাৰ্য্যত সহায় কৰিছিল। মুঠতে প্ৰাচন কায়স্থ সমাজৰ ভূঞাসকলৰ ইতিবৃত্ত আলোচনা কৰিলে তেওঁলোকক “ৰাজাৰ জাতি’’ নুবুলি নোৱাৰি।

 কায়স্থ ক্ষত্ৰিয়সকল অতি ৰক্ষণশীল স্বভাৱৰ; বোধ কৰোঁ এই কাৰণেই ভাৰতবৰ্ষৰ অনেক ৰাজবংশৰ আজি চিন ধৰা বৰ টান হলেও এই কায়স্থ ক্ষত্ৰিয় ৰাজা, সামন্তৰাজাৰ বংশধৰসকলে আজিও নিজৰ জাতিয়তা আৰু কৃষ্টি ৰক্ষা কৰিবলৈ কুলপঞ্জী সেৱাৰ বস্তু কৰি মূৰত লৈ পূৰ্বপুৰুষৰ গৌৰৱ স্মৰণ কৰিবলৈ সমৰ্থ হৈছে।