পৃষ্ঠা:প্ৰাকৃত বিজ্ঞান.pdf/১৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৭)


 ইয়াৰপৰা আমি জানিব পাৰোঁ যে সাগৰৰ পানীত লোণৰ এনে ক্ষুদ্ৰ, ক্ষুদ্ৰ বিন্দু মিহলি হৈ আছে যে তাক আমি চকুৰে মণিব নোৱাৰোঁ। সজীব বস্তুতো এই বিষয়ে অনেক উদাহৰণ পোৱা যায়। জন্তুৰ তেজ যে আমি ৰঙা দেখোঁ সি স্বৰূপত সম্পূৰ্ণ ৰঙা নহয়; শিৰৰ মাজে মাজে পানীৰ সদৃশ এবিধ জল্‌জলীয়া বস্তু আছে, তাতে ঘূৰণীয়া এবিধ সূক্ষ্ম সূক্ষ্ম ৰঙা বিন্দু ওপঙি ফুৰে। এটি-বালিচাহীমান মানুহৰ তেজতো অসংখ্য বিন্দু আছে। আমাৰ শৰীৰৰ ভিতৰত অসংখ্য পোক-পৰুৱাই বাস কৰিছে, আৰু সেই বিলাক পোক-পৰুৱাৰ পেটৰ ভিতৰতো অসংখ্য পোক-পৰুৱাই বাস কৰিছে; এই নিচেই পাচত কোৱা পোক-পৰুৱাৰ শৰীৰতো অসংখ্য বিন্দু আছে।

 ইয়াকে ভাবি চালে বুজিব পাৰি, যে পৰমাণু কিমান ক্ষুদ্ৰ বস্তু! আমি যে ফুলৰ গোন্ধ পাওঁ, সি কেৱল পৰমাণুৰ গুণত। ফুলৰ ক্ষুদ্ৰ, ক্ষুদ্ৰ বিন্দুবিলাক বায়ুৰ লগত মিহলি হয়; সেই বায়ু নাকত সোমালেই গোঁন্ধ পোৱা যায়।

 ৭। বিন্দ্বাকৰ্ষণ। পৰমাণুৰ সংযোগত বিন্দু, আৰু বিন্দুৰ সংযোগত বস্তুৰ সৃষ্টি হয়। এতিয়া এইটো কথা জানিব লাগে, যে সেই বস্তুনো কেনেকৈ গোটা আৰু টান হয়। ইয়াৰ কাৰণ এই, বস্তুৰ বিন্দুবিলাকে পৰস্পৰ আকৰ্ষণ কৰে আৰু সেই আকৰ্ষণে সদাই বিন্দুবিলাকক টানি ধৰি থাকে। যি শক্তিয়ে একেৰকম বস্তুৰ বিন্দুবিলাক একেলগ কৰি ধৰি থাকে তাকে বিন্দ্বাকৰ্ষণ বোলে। আৰু যি শক্তিয়ে বেলেগ বেলেগ বস্তুৰ বিন্দুবিলাকক একেলগ