পৃষ্ঠা:প্ৰাকৃত বিজ্ঞান.pdf/১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৬)


উৎপন্ন হৈ এটা এটা ভয়ঙ্কৰ ৰূপ ধৰিছে। এটা বালিকণাতো অনেক পৰমাণু আছে। এই পৰমাণুবিলাক ইমান সৰু, যে আমি সেইবিলাকক চকুৰে বা কোনো যন্ত্ৰৰ দ্বাৰা মণিব নোৱাৰোঁ। এইবিলাক কি, কিমান সৰু তাক কোনেও ভাঙ্গি-পাতি দেখাব পৰা নাই। পৰমাণুৰ কেনে আকাৰ তাক আজিলৈকে কোনেও ঠিক কৰিব পৰা নাই; কিন্তু অনেকে তাক ঘূৰণীয়া বুলি ভাবে। সি যেনে ক্ষুদ্ৰ, তেনে টান। তাক কোনো উপায়েৰে ভাগ কি নষ্ট কৰিব নোৱাৰি। এই ক্ষুদ্ৰ, ক্ষুদ্ৰ পৰমাণুৰ সংযোগত সংসাৰৰ সকলো বস্তুৰ উৎপত্তি; পৰমাণুয়েই সকলো বস্তুৰ আদিমূল।

 অনেক পৰমাণু গোট খালে বস্তুৰ এটি এটি বিন্দু উৎপন্ন হয়। সেই দৰে অসংখ্য বিন্দুৰ সংযোগত এটা এটা বেলেগ বেলেগ বস্তুৰ উৎপত্তি। সোণ পিটি ইমান পাতল কৰিব পাৰি যে তাৰ দুকুৰিখনমান জাঁপি থলেহে সি এটা ধানপাতৰ সমান ডাঠ হয়। এটকা সোণৰ প্ৰায় ১৪০ মাইল দীঘল গুণা কাটিব পাৰি। সেই গুণাৰ অতি ক্ষুদ্ৰ এক খণ্ডক সোণৰ এক বিন্দু বুলিব পাৰি। আৰু এনে এটি এটি বিন্দুতে অসংখ্য পৰমাণু থাকে।

 এবাটী পানীত অলপ লোণ বা চেনি মিহলালে, যদিও তাৰ একো চিন নেথাকে, তথাপি সেই পানী খাই চালে লোণৰ সোৱাদ বুজিব পাৰি। সাগৰৰ পানীত লোণ আছে, অথচ তাক দেখা নেযায়। কিন্তু অলপমান সাগৰৰ পানী কোনো এটা পাত্ৰত থৈ জাল দিলে, তাৰ আচল পানীভাগ বাষ্প হৈ উৰি যায়, আৰু লগত মিহলি হৈ থকা লোণখিনি পাত্ৰত লাগি ৰয়।