পৃষ্ঠা:প্ৰাকৃত বিজ্ঞান.pdf/১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৫)


গঢ় লয়। আৰু কোনো বাধা নেপালে যেই সেই ঠাইত আওগৰীয়া ফাললৈ বৈ যায়। দ্ৰৱ-পদাৰ্থত বিন্দ্বাকৰ্ষণৰ শক্তি আৰু তাপৰ শক্তি সমান থাকে, এইকাৰণে তাৰ বিন্দুবিলাক অলপ আঁতৰা-আঁতৰি হৈ থাকে। অম্লজান, জলজান প্ৰভৃতি পদাৰ্থক ভাপ বা বায়ুসদৃশ পদাৰ্থ কোৱা যায়; কাৰণ এইবিলাক বায়ুৰ নিচিনা অম্লজান প্ৰভৃতি ভাপৰ সংযোগত বায়ু উৎপন্ন হৈছে। এই বায়ুনো কেনে পদাৰ্থ তাক সকলোৱে জানে। বায়ুৰ দৰে ভাপবিলাকো অতি লঘু। গোটা দিয়েকৰ বাহিৰে কোনো ভাপৰ বৰণ নাই; এই কাৰণে জলজান, বায়ু প্ৰভৃতি পদাৰ্থক কোনো কাঁচৰ পাত্ৰত ৰাখিলে শূণ্যৰ বাহিৰে একো দেখা নেযায়। দ্ৰৱ-পদাৰ্থৰ সদৃশ ভাপৰো আকাৰৰ ঠিক নাই। ভাপত বিন্দ্বাকৰ্ষণ শক্তিত্‌কৈ তাপৰ শক্তি প্ৰৱল; এই কাৰণে তাৰ বিন্দুবিলাকে পৰস্পৰ আকৰ্ষণ নকৰে আৰু অধিক আঁতৰা আঁতৰি হৈ বহুঠাই অধিকাৰ কৰি থাকে। এই নিমিত্তে অলপ হেচাঁ পালেই চাপ খাই অতি সংকীৰ্ণ ঠাইতে থাকিব পাৰে আৰু হেঁচা নেপালে বহুঠাই ব্যাপি থাকে।

 অনেক পদাৰ্থৰ ওপৰত কোৱা তিনিওটি গুণ দেখা যায়। যেনে, পানী অতি চেঁচা কৰিলে গোটা হৈ বৰফ হয়, অলপ তপত কৰিলে বৰফ গুচি জুলীয়া আৰু অতি তপত কৰিলে জুলীয়া গুচি ধোঁৱাৰ নিচিনা অৰ্থাৎ বাষ্প হয়।

 ৬। পৰমাণু। তাম, পিতল, ৰুপ, সোণ, মাটি, পানী, মাংস, তেজ আদি সকলো পদাৰ্থই অতি ক্ষুদ্ৰ ক্ষুদ্ৰ পৰমাণুৰ সংযোগত ভিন্ন ভিন্ন আকাৰ ধৰিছে। সূৰ্য্য, চন্দ্ৰ, নক্ষত্ৰ আদি বৰ ডাঙৰ ডাঙৰ বস্তু বিলাকেও অসংখ্য পৰমাণুৰ সংযোগত