পৃষ্ঠা:প্ৰাকৃত বিজ্ঞান.pdf/১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৪)


আমি যত ৰকমৰ বস্তু দেখিবলৈ পাওঁ এটাইবোৰ প্ৰায় ৬৫ টা মূলবস্তুৰ সংযোগত উৎপন্ন হৈছে। যেনে জলজান, অম্লজান, গন্ধক, সুৱগা, সোণ, ৰুপ, লো, ইত্যাদি। এইবিলাক মূলবস্তুৰ উৎপত্তি স্বতন্ত্ৰ, অৰ্থাৎ কেইবাটাও বস্তুৰ সংযোগত উৎপন্ন হোৱা নাই। এই সংসাৰত আমি যি বিলাক বস্তু দেখিবলৈ পাওঁ প্ৰায় সকলোবিলাকেই যৌগিক বস্তু, মূলবস্তু অতি বিৰল। যি শক্তিৰ দ্বাৰা পৃথক্ পৃথক্‌ মূলবস্তু গোট খাই যৌগিক বস্তুৰ উৎপত্তি হয় আৰু যি শক্তিয়ে যৌগিক বস্তুবিলাকক পৃথক্‌ পৃথক্ মূলবস্তুলৈ বেলেগ হব নিদিয়ে সেই শক্তিকে ৰসায়ণিক আকৰ্ষণ বা ৰসায়ণিক সম্বন্ধ বোলে।

 ৫। পদাৰ্থৰ পৃথক্ পৃথক্ অৱস্থা। পদাৰ্থৰ তিনি অৱস্থা দেখা যায় আৰু সেই অৱস্থা অনুসৰি পদাৰ্থবিলাক তিনি শ্ৰেণীলৈ ভাগ কৰিব পাৰি; যেনে গোটা বা টান বস্তু, দ্ৰৱ বস্তু আৰু ভাপ বা বায়ুসদৃশ বস্তু। কাঠ, শিল, ইটা, মাটি, সোণ, ৰুপ, তাম প্ৰভৃতি বস্তুক গোটা বা টান বস্তু বোলা যায়; কাৰণ এইবিলাক স্বভাবতে যেনে গঢ়েৰে উৎপন্ন হয়, বা মানুহে যেনে গঢ়েৰে সাজে, সেই গঢ়েৰেই থাকে। টান পদাৰ্থত বিন্দুৰ আকৰ্ষণ শক্তি তাপৰ শক্তিতকৈ প্ৰৱল, এই কাৰণে তাৰ বিন্দুবিলাকে পৰস্পৰ আকৰ্ষণ কৰি গোটা মাৰি থাকে। পানী, তেল, গাখীৰ আদি জুলীয়া বস্তুক দ্ৰৱ বস্তু কোৱা যায়। কাৰণ সেইবিলাকৰ টান গুণ নাই, আৰু সেইবোৰ বস্তুত কোনো এটা বস্তু সুমাই দিলে, তাত অধিক বাধাৰ গম পোৱা নেযায়। এই দ্ৰৱ-পদাৰ্থবিলাকৰ আকাৰৰ কোনো ঠিক নাই; যেতিয়া যেনে পাত্ৰত ৰখা যায় তেতিয়া তেনে পাত্ৰৰ