পৃষ্ঠা:প্ৰাকৃত বিজ্ঞান.pdf/১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৩)


হলে পানী উৎপন্ন হয়। পানীক কোনো উপায়েৰে তাৰ মূল বস্তুলৈ অৰ্থাৎ জলজান আৰু অম্লজানলৈ নিয়া কাৰ্য্যকো ৰসায়ণিক ঘটনা বোলে।

 ২। প্ৰাকৃত বিজ্ঞান। যাৰপৰা আমি পদাৰ্থিক ঘটনাৰ কাৰণ, উৎপত্তি আৰু ফল শিক্ষা কৰিব পাৰোঁ তাক প্ৰাকৃত বিজ্ঞান বোলে।

 ৩। ঘনত্ব। একে সমান আকাৰৰ দুটা বস্তুৰ ভিতৰত যিটোত বেচি বিন্দু থাকে তাক ইটিতকৈ বেচি ঘন বোলা যায়; যদি দুইটাতে সমান বিন্দু থাকে তেনে সমান ঘন বোলা যায়। কিন্তু সকলো সমান আকাৰৰ বস্তুতে বিন্দু সমান নেথাকে। সমান আয়তনৰ পানীতকৈ সীহত ১১ গুণ আৰু সোণত ১৯ গুণ বেচি বিন্দু থাকে। ইয়াৰপৰা জনা যায় যে, পানীতকৈ সীহ ১১ গুণ, আৰু সোণ ১৯ গুণ ঘন। এটা বস্তুত যদি আন এটা সমান আকাৰৰ বস্তুতকৈ দুগুণ, তিনি গুণ, চাৰিগুণ বিন্দু বেচি থাকে তেনেহলে প্ৰথমটো বস্তু পাচৰটোতকৈ দুগুণ, তিনি গুণ, চাৰিগুণ ঘন বোলা যায়। বস্তুৰ ঘনত্ব বিষয়ে পাচে আৰু অলপ কোৱা হব।

 ৪। পদাৰ্থ দুবিধ; মূল আৰু যৌগিক। যি বস্তু কেবাটাও মূলবস্তু যোগহৈ উৎপন্ন হৈছে তাক যৌগিক বস্তু বোলে। ক্লোৰিণ আৰু চদিয়ম্ নামে দুটা মূলবস্তু যোগ হৈ লোণ হৈছে; জলজান আৰু অম্লজান দুটা মূলবস্তু লগ খাই পানী উৎপন্ন হৈছে; পাৰা আৰু গন্ধক দুটা মূলবস্তুৰ সংযোগত হেঙ্গুল হৈছে; এই কাৰণে লোণ, পানী, হেঙ্গুল, যৌগিক বস্তু। এই সংসাৰত