পৃষ্ঠা:প্ৰাকৃত বিজ্ঞান.pdf/১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(২)

বা বাঁহ আন এডোখৰ কাঠ বা বাঁহৰ লগত ঘঁহি থাকিলে ঘঁহনি খোৱা ঠাই ডোখৰ তপত হয়; বহুবেলি ঘঁহনি খাই তাপ প্ৰৱল হলে তাত জুই উঠে। পানী বৰকৈ তপত কৰিলে তাৰ এক অংশ বাষ্প হৈ ওপৰলৈ উৰি যায়; সেই বাষ্প ধৰি চেঁচা কৰিলে আকৌ পানী হয়; আৰু সেই পানীকে অতিকৈ চেঁচা কৰিলে শিলৰ সদৃশ কঠিন অৰ্থাৎ বৰফ হয়। অলপ তাপ পালে সেই বৰফ পমি পানী হয়; কিন্তু এই নানা ৰূপ ধৰাত পানীৰ ভাৰ বা তাৰ মূল বস্তুৰ হানি বা সলনি নহয়। এই যে পদাৰ্থটো বাষ্প, পানী আৰু বৰফ তিনটি অৱস্থালৈ যোৱাৰ কথা কোৱা হল, সেই ঘটনা কেইটিকে পদাৰ্থিক ঘটনা বোলে। এইদৰে কাঁচ কি মাটিৰ কোনো পাত্ৰ ওপৰৰপৰা পেলাই দিলে ভাগি ডোখৰ ডোখৰ হয়; অথচ তাৰ ভাৰ আৰু মূল বস্তুৰ গঠন একো সলনি নহয়। পাত্ৰটি পেলাই দিয়া আৰু সেই বস্তু মাটিত পৰি ডোখৰ ডোখৰ হোৱাকো পদাৰ্থিক ঘটনা বোলে।

 এই পদাৰ্থিক ঘটনাৰ বাহিৰেও আৰু এবিধ প্ৰধান ঘটনা পদাৰ্থত দেখা যায়। যেতিয়া কাঠ কি বাঁহ জুইত জলোৱা যায়, তেতিয়া তাৰ আকৃতি, গুণ, আৰু গঠন সম্পূৰ্ণৰূপে সলনি হয়। নানা প্ৰকাৰ মূল বস্তু গোট খাই কাঠৰ উৎপত্তি হৈছে; জলোৱাত সেই বস্তুবিলাক পৃথক্ পৃথক্ হয়, আৰু তাৰে কিছুমান ধোঁৱা হৈ উৰি যায়; কিছুমান এঙ্গাৰ বা ছাই হৈ তলত পৰি ৰয়। গতিকে কাঠ-যেন বস্তুৰ একো চিন নৰ’ল। এই নিচিনা ঘটনাক পদাৰ্থিক ঘটনা বোলা নেযায়; ইয়াক ৰাসায়নিক ঘটনা বোলে। দুভাগ জলজান (Hydrogen ), এভাগ অম্লজান ( oxygen) ৰাসায়নিক আকৰ্ষণৰ দ্বাৰা মিল