পৃষ্ঠা:প্ৰাকৃত বিজ্ঞান.pdf/১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

প্ৰাকৃত বিজ্ঞান।

প্ৰথম আধ্যা।

পদাৰ্থ।

 ১। পদাৰ্থ। যাক আমি ইন্দ্ৰিয়ৰ দ্বাৰা অনুভৱ কৰিব পাৰোঁ, অৰ্থাৎ যাৰ অস্তিত্বৰ বা যি থকাৰ, কোনো এক বা ততোধিক ইন্দ্ৰিয়ৰ দ্বাৰা উমান পোৱা যায় তাকে পদাৰ্থ বোলে।

 এই সংসাৰখন নানা তৰহৰ বস্তুৰে ভৰা; তাৰ ভিতৰৰে পৃথক্ পৃথক্ বস্তু, আমাৰ পৃথক্‌ পৃথক্‌ ইন্দ্ৰিয়ৰ দ্বাৰা অনুভৱ কৰিব পৰা যায়। কিছুমান আমি চকুৰে দেখিব পাৰোঁ; কিছুমান হাতেৰে চুব পাৰোঁ; কোনোবিলাকৰ শব্দ শুনিবলৈ পাওঁ; কোনোবিলাকৰ জীবাৰে সোৱাদ লব পাৰোঁ আৰু কিছুমানৰ নাকেৰে গোন্ধ লব পাৰোঁ।

 ইয়াৰ বাহিৰেও নানা বস্তুৰ নানা গুণ দেখা যায়। লোণ, চেনি, মিচিৰি আদি বস্তু পানী পালে পমি যায়; এডোখৰ কাঠ