এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
প্রহ্লাদ-
ইফালে আকৌ, তাৰ মানুহবোৰ বুঢ়াও নহয় ; নৰিয়া নপৰে, নমৰেও । তাত মাথোঁ আছে ডেকা গাভৰু, লৰা চোবালী ; —সকলো সুন্দৰ — সকলো ল-নি। - এই ঠাইডোখৰ এনে নবহলৈকো এই বৈকুণ্ঠই হৈছে সকলো পুণ্যবানৰ ঠাই । যি সকলে পৃথিবীত ভাল কাম কৰে তেওঁলোকে বঁটা পাষ কি কব পাৰানে ?- এই বৈকুণ্ঠ। স্বৰগৰ শিল্পী বিশ্বকৰ্ম্মাই নিজে এই ঠাইখন গঢ়িছে, তাতে আকৌ, এই বৈকুণ্ঠতে থাকে বিষ্ণু। ঠাইডোখৰ ভাল নহৈ পাৰে জানো ? এসময়ত এই বৈকুণ্ঠলৈকে চারি সিদ্ধ আহিছিল । তে ওঁবিলাক, " ব্ৰহ্মাৰ মানস চাৰি তনয় । ভ্রমন্ত আকাশে আনন্দময় ।।” ঋষি কেজৰ ঘাইকৈ ইচ্ছা আছিল, বিষ্ণুৰ পূজা কৰা ৷ তেওঁবিলাকক কাকো নোসোধাকৈ বিষ্ণু-মন্দিৰৰ ভিতৰলৈ বিবস্ত্ৰ অৱস্থাত সোমাই যোৱা দেখি বিষ্ণুৰ দুৱৰী দুজনে তেওঁলোকক বাধা দিলে আৰু বেতেৰে থেলি চাৰিউকো খেদি দিলে । ঋষি কেজনৰো খং উঠি দুৱৰী দুটাক ধৰি [ ]