পৃষ্ঠা:প্ৰহ্লাদ.pdf/৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-প্রহ্লাদ তাত টুটকীয়া নাই, মিছাকথীয়া নাই; তাত লোকৰ সৰহ দেখিলে চকুচৰহা নাই, লোকক ঠগি-খোৱা নাই । তাত যি সকল থাকে, তেওঁলোকে নিজে নেখাই লোকক পুৱায় :- মৰিলেও মিছা নকয় । তাত যেনি যাবা তেনি ফুলেৰে ভৰা সুগন্ধি ফুলনি, তাত যেনি যাবা তেনি সুগন্ধি গছৰ শাৰী । বতাহেই যেন তাত সৌৰভ বিলায়া । এনে এখন ঠাই সি ।

তাৰ মানুহবোৰে লোকৰ বদ্‌নাম গাই সময় নকটায় ; চৰাইবোৰে অনাহকতে ইটোৱে সিটোক খুটিয়াই নাথাকে : ভোমোৰাবোৰেও ভোন ভোন্ কৈ মিছাকৈয়ে ঘৰি নুফুৰে । সকলোৱে বহি হৰিৰ গুণ গায় আৰু আনন্দত চকুৰ পানী পেলায় । তাৰ সিংহই লোকৰ অপকাৰ নকৰে ; তাৰ বাঘে ছাগলি-পোৱালি নধৰে । ব্যাধেও তাত হাতত ধেকাঁড় লৈ হৰিণীক খেদি মুফুৰে : হৰিণীয়েও তাত মানুহ দেখিলে লৰ নামাৰে । তাত সকলো জীৱই সকলো জীৱক ভাই বুলি সাৱটি ধৰে। জীৱই জীবক মৰম নকৰিলে জানো কৰবাত শান্তি থাকিব পাৰে ? [ 2 ]