এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
- প্ৰহ্লাদ- হৰিৰ চৰণত ঠাই পালে এই দুখকষ্টভৰাসংসাৰলৈনো আহিব লাগিছে কিয়? ভক্তৰ আগত জানে৷ হৰিৰ খঙ থাকিব পাৰে? হৰিয়ে প্ৰহ্লাদক শেলাত তুলি চুমা খালে। গ্ৰহহ্লাদক বাপেকৰ ঠাইত ৰজা পাতিলে। প্ৰহ্লাদে তেতিয়া হিযা থলি গালে, — "জয় দামোদৰ হৰে সেঃকে কাতৰ কৰে।” ঠিক তেতিয়াই প্ৰহ্লাদৰ লগত পঢ়া লৰাবিলাক সেই ফালেদি গৈছিল। সিহঁতে প্ৰহ্লাদক নাম দিয়া শুনি ধৰিলে, "ৰাম দামোদৰ হাৰে সেৱকে কাতৰ কৰে। ” সেই ফালেদি বুঢ়া দুটামান গৈচিল; সিহঁতে সেই লৰাকেইটাৰ লগতে ধৰিলে, “বাম দামোদৰ হৰে সেৱকে কাতৰ কৰে। ” লাহে লাহে নাম গোৱা দৈত্যৰ সংখ্যা বাঢ়ি গল। ওচৰেদি ষণ্ডামাৰ্কই প্ৰহ্লাদক মাৰিবৰ নতুন এটা বুদ্ধি উলিয়াই [89]