পৃষ্ঠা:প্ৰহ্লাদ.pdf/৫২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-প্ৰহ্লাদ- তাৰ মুখডোখৰ সিংহৰ, গাটো মানুহৰ। এই নৰসিংহমূৰ্ত্তিয়ে হিৰণ্যকশিপুক গৰাহ মাৰি ধৰি নখেৰে বুকু বিদাৰি পেলালে। হিৰণ্যকশিপু মাটিত পৰি গল আৰু তৎক্ষণাৎ তাৰ মৃত্যু হল। প্ৰহ্লাদে জানিলে হৰিয়েই হে তেওঁৰ কথাত প্ৰমাণ দিবলৈ এই অদ্ভুত মূৰ্ত্তি ধৰি বৈষ্ণবৰ ওপৰত বাপেকৰ অত্যাচাৰৰ প্ৰতিশোধ ললে। তেওঁ তেতিয়৷ হৰিৰ চৰণত ধৰি স্তুতি কৰিবলৈ ধৰিলে। এই নৰসিংহ মূৰ্ত্তি তৰিব এক ভাৱতাৰ ভিৰণ্যকশিপুক মাৰিবলৈহে হৰিয়ে এই ৰূপ ধৰিছিল। মানুহ বা অইন জন্তুৰ দৰে আঙ্গিতো তিনণা কশিপুক বধ কৰিব নোৱাৰে, ব্ৰহ্মাৰ যে বৰ আছিল। প্ৰহ্লাদে তেতিয়া বাপেকৰহৈ খাটিলে, “প্ৰভু, দেউতাই নাজানি তোমাৰ দোষ লগালে। তুমি তেওঁক তোমাৰ চৰণত ঠাই দিয়া যেন।” হাজাৰ হওক, তেওঁৰ জনম দিওঁতা বাপেকৰ দুখ দেখি প্ৰহ্লাদৰ হিয়া ভাগি গল। তেওঁ কিন্তু বাপেকক জীয়াই দিবলৈ নধৰিলে। তেওঁ ভাবিলে [ 6 ]