পৃষ্ঠা:প্ৰহ্লাদ.pdf/৫১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-প্ৰহ্লাদ- আছে বুলি, এই ফটিকৰ খুটাটোতো আছে নে? প্ৰহ্লাদে কালে, “কেলেই নাইকিয়া? হৰি ইয়াতো আছে।" “ ব্যাপক বিভু প্ৰভু চক্ৰপাণি। সবাতে আচস্ত জগত স্বামী॥ স্ফটিক স্তম্ভত দেখিছোঁ আমি " হিৰণ্যকশিপুবে ভাবিলে, “যদি হৰি সচাকৈয়ে ইয়াতে আছে তেনেহলে এতিয়াই এসেকা দিয়া যক " সি গদাৰে মাৰ মাৰি খুটাটো ভাঙ্গি পেলালে। তেতিয়াও ৰাতি হোৱা নাই। বেলি ডুবো ডুবো হৈছে মাথোঁ। গৰুমহবিলাক গৰখীয়াই খেদি ঘৰলৈ আনিছে। হঠাৎ এটা গাজনি উঠিল, — - “স্তশুৰ ভিতৰে কৰিলে নাদ। প্ৰলয় মেঘৰ যেন শব্দ॥ ফুটিল কটাহ ভৈল বিস্ময়। ত্ৰিদিশে বোলেও মিলে প্ৰলয়॥ যত বুঢ়া দৈত্য আছে চৌপাশে। কম্পে পৃথিবীত পৰিযা ক্ৰাশে॥” খুটাটোৰ ভিতৰৰ পৰা এটা অদ্ভুত জন্তু ওলাই আহিল। [ 80 ]