পৃষ্ঠা:প্ৰহ্লাদ.pdf/৪৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-প্ৰহ্লাদ-- লাহে লাহে জুই নুমাই আহিল। প্ৰহ্লাদৰ হাড় এডালো পোৱা নাযাব। সকলোৱে ভাবিছিল কিন্তু যেতিয়া জুই- কুৰা মুমাই আহিল সকলোৱে দেখে প্ৰহ্লাদে ওপৰলৈ চাই গাইছে,-- “সেৱক বুলিয়া পালিয়ো হৰি, চৰণে শৰণ লৈলোঁ। তোমাত ভকতি নকৰি কৃপালু জনম বিফল কৈলোঁ॥” জুয়েও একো কৰিব নোৱাৰা দেখি ৰজা সভাসদ সকলো চিন্তাত পৰিল। পিচে এটা দুষ্ট সভাসদে মাত লগালে “মহাৰাজ, প্ৰহ্লাদক বিহ খুৱাই মৰা হওক।” ৰজাৰ পাৰিষদবোৰে ৰজাক ভালৰি বুঝাবলৈ যত্ন কৰি থাকে। সিহঁতেও ঘপৰাই মাত লগালে “হয়, হয়, আমিও তাকে ভাবিছিলোঁ।” উপায় নাপাই ৰজায়ে| কাল “ সেয়ে হওক।" সেই দিনা হিৰণ্যকশিপুৰে পৃথিবীত যিমানবিলাক বৰ বিহু আছে সেই সকলোবিলাক গোটাই অনাই এটা বিজ্ঞৰ পিঠা কৰোৱালে। গধূলি সেই পিঠাকে প্ৰহ্লাদক [ 41 ]