পৃষ্ঠা:প্ৰহ্লাদ.pdf/৪২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-- - প্ৰহ্লাদ- এই হাতীৰ পালটোক জোকাই খঙ তুলি লোৱা হল। সিহঁতৰ দপদপনিত পৃথিবী কঁপি গল। সকলোৱে ভাবিলে এইবাৰ প্ৰহ্লাদৰ ৰক্ষা নাই। প্ৰহ্লাদক যিবোৰে ভাল পাইছিল সিহঁতে কান্দি পেলালে। কিন্তু প্ৰহ্লাদ অচল অটল। তেওঁ গাইছে,— “সাৰঙ্গপাণি প্ৰভু ভগৱন্ত। নজানো তোমাৰ মায়াৰ অন্ত। ” ৰজাৰ মাউতে এই পালটোৰ ৰান্ধ মোকলাই তাৰ মাজলৈ প্ৰহ্লাদক গত৷ মাৰি পেলাই দিলে। হাতীৰ পালৰ যিটো মখনা সি গৰ্জ্জি আহি প্ৰহ্লাদক শুৰেৰে মেৰাই ধৰিলে। সকলোৱে “হায় হায়” কৰি উঠিল। কন্তু কি আচৰিত! হাতীটো, কি ভাবি, অলপ ৰল! তাৰ পিচত সি মাউতটোক পেলাই প্ৰহ্লাদক তাৰ পিঠিৰ ওপৰত তুলি ললে। সকলো হাতীয়েই শান্ত হৈ শুঁৰবিলাক তললৈ কৰি প্ৰহ্লাদক সেৱা কৰিলে। সকলো দৰ্শক আচৰিত। ঘাতকে প্ৰহ্লাদক লৈ ৰজাৰ ওচৰলৈ গল। ৰজাই প্ৰহ্লাদক দেখি আচৰিত মানিলে। সুধিলে, “ই এতিয়াও মৰা নাই নে? ” ঘাতকে কলে, “মহাৰাজ, [ ৩৬ ]