এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
-প্রহ্লাদ- দর্শক হাজাৰে হাজাৰে থিয়। ঘাতকে হোঃ কৈ চিঞৰ মাৰি প্ৰহ্লাদৰ মূৰত তৰোৱালেৰে কোব মাৰি দিলে ৷ দর্শক- বিলাকে, আয়ৈ দেহিয়ৈ বুলি, চিঞৰ মাৰি দিলে । কিন্তু কি আচৰিত ! প্রহলাদৰ একো নহল । ঘাতকৰ দা হে ভাগি উফৰি কৰবাত পৰিলগৈ । সকলো অবাক ! প্রহলাদে গাইছে,— “লোৱ৷ হৰিনাম মুখে ভাই লোৱ। হৰিনাম মুখে।” এটা ঘাতকৰ পিচত ইটো আহিল । ইটোৰ পিছত সিটো আহিল। কিন্তু কোনেও প্রহ্লাদক একো কৰিব নোৱাৰিলে । পাৰেনো কেনেকৈ ? ---- হৰিয়ে যে নিজে আহি তেওঁৰ চক্ৰেৰে প্ৰহ্লাদক আবৰি ধৰিলেহি ! ঘাতক'ৰ দা সেই চক্ৰত পৰি ভাগি চুৰমাৰ হল । দর্শক- বিলাকৰ ভিতৰৰ পৰা তেতিয়া এটা সৰু লৰাই গালে ;-- “হৰি চৰণত শৰণ লৈলো এহৰি নাৰায়ণ । মানবী জনম সফল কৈলোঁ এহৰি নাৰায়ণ ॥” তেওঁ প্ৰহ্লাদৰ সহপাঠী । ! ঘাতক কেইটাই আচৰিত হৈ প্ৰহ্লাদক ৰজাৰ ওচৰলৈ লৈ গল । প্রহ্লাদে বাটে বাটে গাই গল । [ ]