পৃষ্ঠা:প্ৰহ্লাদ.pdf/৩৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-প্রহ্লাদ- কিহৰ ? তেওঁ উত্তৰ দিলে, “দেউতা, যাৰ কৃপাত এই লুখ ভোগ কৰিছোঁ, যাৰ মৰম জগত জুৰি আছে, সেই হৰিক কেনেকৈ পাহৰিম ?” খঙ্গত হিৰণ্যকশিপুৰ চকু ৰঙ্গা হ'ল । যি হিৰণ্যকশিপুৰ নামত, মানুহৰ পৰা দৈত্যলৈকে, সকলো কঁপি যায়, সেই হিৰণ্যকশিপুক নিজৰ পুতেকে নামানে ! হিৰণ্যকশিপু খঙ্গত একোনাই হৈ তাৰ ৰখীয়াবিলাকক আদেশ কৰিলে, “ইয়াক এতিয়াই লৈ গৈ মাৰি পেলা।” হুকুম দি সি গপ্‌হপ্‌হ কৈ ভিতৰলৈ সোমাই গ'ল । ৰজাৰ আদেশ শুনি সকলোৰে মুখ শুকাই গ'ল। প্ৰহ্লাদক সকলোৱেই ভাল পাইছিল । নাপাবলৈকো, প্রহলাদৰ কৰে জানো ক'ৰবাত লৰা আছিল। কাৰোবাৰ ঘৰত বেমাৰ, দেখিবা, প্ৰহ্লাদে, ৰজাৰ লৰা হৈয়ো, নিজেই তালাপি কৰিছেগৈ ;—- কাৰোবাৰ ঘৰত খাবলৈ নাই, তাত দেখিবা, প্রহ্লাদে নিজে নাখাই লোকক খুৱাইছে ; কাৰোবাৰ ঘৰত বিপদ, তাত দেখিবা প্ৰহ্লাদে অকাতৰে সহায় কৰিব লাগিছে। কিন্তু ৰজাৰ খঙ্গৰ ওপৰত কোনে মাতে ? -- মাতিলে, কোদোৰহি হে জোকাই ল'লে ! ৰখীয়াবোৰে [ ১ ]