এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
[ 9 ] বিপদৰ মাজেদি এদিন ষণ্ডামাক ক'ৰবালৈ গৈছিল । সিহঁতে ভাবিছিল, ইমান বুঝনি পাই এতিয়া প্ৰহ্লাদে হৰিণ নাম লবলৈ এৰিলে। কিন্তু প্রহ্লাদে যে খোৱা ভাবিব পাৰে শোৱা এৰিব পাৰে, পিন্ধা এৰিব পাৰে, কিন্তু হৰিব নাম একোপধ্যে নেৰে, এই কথা সিহঁতে নাজানিছিলে। দুই গুৰু উভটি আহি দেখে ধে প্রহ্লাদে নাম লগাই দিছে, আৰু তাইনবোৰে নাম ধৰিছে। প্ৰহ্লাদে লগাই দিছে, “হৰি নাম বিনা বান্ধৱ নাই—” লৰাবোৰে ধৰিছে, “হৰি নাম বিনা বান্ধৱ নাই—” প্রহ্লাদে লগাই দিছে, - হৰি বোল, হৰি বোল, হৰি বোল ভাই " লৰাবোৰে ধৰিছে, “কৰি বোল, হৰি বোল, হবি বোন ভাই - " [ 27 ]