পৃষ্ঠা:প্ৰহ্লাদ.pdf/৩৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-প্রহ্লাদ- তাৰ পিচত পৰিল পাল প্ৰহ্লাদৰ । প্ৰহ্লাদ আছিল ৰজাৰ নুমলীয়া লৰা; সেই কাৰণে ৰজাৰো আছিল তেওঁৰ ওপৰত বৰ মৰম । ৰজাই গ্রহহ্লাদক কোলাত সুমাই এফালৰ পৰা প্ৰশ্ন কৰি গ'ল । প্ৰহ্লাদৰ ককায়েক- হঁতে যিবোৰ প্ৰশ্নৰ উত্তৰ একেবাৰেই কৰিব নোৱাৰিলে, প্রহলাদে অনায়াসে সেইবোৰ কৈ পেলালে। ৰজাৰ যি হাঁহি ! শেষত ৰজাই সুধিলে, “মোৰ পোনা, কোৱাচোন, কি ভাল, কি বেয়া ? গ্রহহ্লাদে ক'লে, 'দেউতা, এই সংসাৰত একোৱেই সদায় নাথাকে। ধন, মনি, 'যশ, বিদ্যা, সুখ, ৰাজ্য এই সকলো বিলাকেই জীৱনৰ লগতে অন্ত পৰে। সকলোৱেই দুদিনীয়া ; মৰিলেই সেইবোৰ আৰু একোটো আমাৰ হৈ নাথাকে। বিপদৰ পৰা সিহঁতে আমাক ৰক্ষা কৰিব নোৱাৰে । পৃথিবীৰ সাৰ বস্তু হৈছে, তৰি। হৰিক ভঙ্গা। বিপদৰ পৰা ৰক্ষা পাবা । হৰিয়ে তোমাক কেতিয়াও নেৰে । “শুনা পিতৃ ইটো গৃহ অন্ধকূপ এৰি । তপোবনে একচিত্তে আৰাধিয়ো হৰি ॥” হৰিৰ নাম শুনি দৈত্য সমাজত তৰোৱাল চিক্‌মিকাই [ 27 ]