এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
[ 6 ] পৰীক্ষা এদিন হিৰণ্যকশিপুৰ মন গ'ল, তেওঁৰ লৰাকেটাই গুৰুৰ ঘৰত কি শিকিলে, তাৱে পৰীক্ষা লবৰ । বৰ ডাঙ্গৰ সভা। কোনোপিনে ডাঙ্গৰ ডাঙ্গৰ বিষয়াসকল, কোনো- পিনে পণ্ডিতসকল, কোনোপিনে দুৱৰী আৰু দূত । ৰজাই আজি সকলোকে নিমন্ত্ৰণ কৰিছে, তেওঁৰ পুতেকহঁতৰ বিদ্যাবুধি চাবলৈ । ৰজাই প্ৰথমতে বৰ লৰা তিনটাক সুধিলে, “সোণহঁত, ঘৰত বাৰু তোমালোকে কি শিকিলা ?” তিনিওটাই খাপৰ তৰোৱাল উলিয়াই ক'লে, “হৰি আমাৰ শত্ৰু”। কিন্তু ৰজাই যেতিয়া অইন প্ৰশ্ন কৰিলে, তেতিয়া আৰু সিহঁতে এটাৰো উত্তৰ দিব নোৱাৰিলে । ৰজাৰ তাতেই আনন্দ । লৰাকেইটাই অইন নিশিকিলেও হৰি যে সিহঁতৰ শত্ৰু, অন্ততঃ সেইটো শিকিছে [ 2 ] 1