পৃষ্ঠা:প্ৰহ্লাদ.pdf/৩১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-প্রহ্লাদ- বিংশতি বৰ্ষি আৰু যায় ওমলন্তে । নেয় দশ বৰিষ ধনক উপার্জ্জন্তে ৷ বৃদ্ধকালে যায় শেষ বৰিষ বিংশতি। একো কাৰ্য্য সাধিবাক নাহিকে শকতি ৷ শৰীৰকে। পীড়ে ব্যাধি চক্ষুয়ে নাকলে । আশাপাশে বান্ধিয়া গৃহত থাকি গলে ৷৷ হেন জানি শিশুসব এড়া আন কৰ্ম্ম । কৰিয়ো কুমাৰকালে ভাগৱতধৰ্ম্ম ॥ দুৰ্ল্লভ মনুষ্যজন্ম নকৰা বিফল । চিন্তা মনে মাধবৰ চৰণকমল ॥” আৰু এই দৰে ষণ্ডামার্কৰ ঘৰ হৰিৰ মধুৰ নামৰ ধ্বনিৰে ভৰি যায় । [ 25 ]