সোধে। - প্রহ্লাদ- প্রহলাদ 'আচৰিত হয় ; --- সিহঁত তেওঁতকৈ ডাঙ্গৰ হৈযো হৰিৰ কথা একো নাজানে । তেওঁৰ নামো শুনা নাই। কিন্তু, - প্রহ্লাদেতো কাকো বেজাৰ দিব' নোৱাৰে। তেওঁ তেতিয৷ বুঝাবলৈ আৰম্ভ কৰে, “ভাইহঁত, ৰজাৰ দৰে যি পৃথিবী পালন কৰিছে; মাতৃৰ দৰে যাৰ স্নেহ দুখীয়া, ধনী, সকলোৰে ওপৰত সমানে পৰে ; সূর্যাই যাৰ পৰা পোহৰ ধাৰ কৰি সংসাৰক পোহৰ আৰু তাঁপ দান কৰে ; জোনে যাৰ হাঁহিৰ কণা এটি পাই সেই হাঁহি জগতক বিলায়; বতাহে যাৰ কৃপা পাই তাৰে জগতক জুৰ কৰে; যি পুৱাক জেউতি দিছে; ' আৰু যাৰ ' কীৰ্ত্তি অপাৰ, তেৱেঁই হৰি। এই হৰিৰ কৃপাতে আমি খাবলৈ পাইছোঁ, এই হৰিৰ কৃপাতে আমি সকলো সুখ ভোগ কৰিব পাৰিছোঁ।” প্ৰহ্লাদৰ এই কেষাৰ কথা শুনি দৈত্য- লৰাবোৰ আৰু ওচৰ চাপি আহে ৷ প্রহ্লাদে কিয কান্দে, ইকাণ সিকাৰ হৈ গুৰুৰ কাণত পৰিলগৈ। যামাৰ্কে আৰু শুনিলে, প্ৰহ্লাদৰ লগতে আৰু কিছুমান লৰাই হৰিৰ নামত মজি হৰিৰ মহিমা শুনে। যগুামার্কে প্রমাদ গণিলে । ষণ্ডামার্কে দেখিলে, ইমানতে [ 23 ]
পৃষ্ঠা:প্ৰহ্লাদ.pdf/২৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই